নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীতিশ কুমাৰ–মমতা বেনার্জী নেতৃত্বাধীন জোঁটবন্ধনত আমি যোগদান কৰাটো ১০০ শতাংশ নিশ্চিত – আজমল

‘মই কেৱল মুছলমানৰ কাম কৰোঁ বুলি বদনাম কৰে’

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ: বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ, পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ নেতৃত্বত গঠন হ’বলগীয়া মহাজোঁটবন্ধনত এ আই ইউ ডি এফ দলে যোগদান কৰাটো এশ শতাংশ নিশ্চিত৷ এই মন্তব্য এ আই ইউ ডি এফৰ সভাপতি, সাংসদ বদৰুদ্দিন আজমলৰ৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত আজমলে কয় যে আসন্ন লোকসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ স্বার্থতে সকলো বিজেপিবিৰোধী শক্তি একগোট হোৱা প্রয়োজন৷ তাৰ বাবেই এ আই ইউ ডি এফ মহাজোঁটবন্ধনত আবদ্ধ হ’ব৷ কংগ্রেছকো সেই মহাজোঁটবন্ধনত আহিবলৈ আহ্বান জনাই আজমলে কয় যে নির্বাচনৰ সময়লৈ তেওঁ কংগ্রেছক এই আহ্বান জনাই যাব৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক তীব্র কটাক্ষ কৰি আজমলে কয়– মোক গালি পাৰিলেই যদি কংগ্রেছৰ শক্তি বৃদ্ধি হয়, তেতিয়াহ’লে গালি পাৰক৷ আৰু বেছিকৈ গালি পাৰক৷ ইপিনে, তেওঁ কেৱল মুছলমানৰে কাম কৰে বুলি একাংশই মিছাতে বদনাম কৰে বুলি উল্লেখ কৰি কয় যে এইবাৰ আজমল আই এ এছ একাডেমীৰ পৰা ১৫জনে এচিএছ পাইছে৷ সেই ১৫জনৰ ভিতৰত ৩জনহে মুছলিম৷ বাকী ১২জনেই অনা–মুছলিম৷ উল্লেখ্য যে আজমল আই এ এছ একাডেমীৰ পৰা এইবাৰ এ চি এছ লাভ কৰা কৃতী শিক্ষার্থীসকলক আজি গুৱাহাটী হোটেল ‘ৰয়েল দ্য কাছা’ত সাংসদ আজমৰ লগতে একাডেমীৰ তৰফৰ পৰা সম্বর্ধনা জ্ঞাপন কৰে৷

You might also like