নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ ৰাজ্য চৰকাৰৰ গৃহ বিভাগে বুধবাৰে এক নির্দেশযোগে প্রতিখন জিলাৰ উপায়ুক্তক সকলো ধৰণৰ সুৰাৰ বাৰ, নৈশ ক্লাব, বিউটী পার্লাৰ, ইউনিছেক্স চেলুনসমূহ তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ নির্দেশ দিছে ৷ গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব সীমান্ত কুমাৰ দাসে এক নির্দেশযোগে সেই নিষেধাজ্ঞা আৰোপ কৰে ৷