নিয়মীয়া বার্তা, ১ ফেব্ৰুৱাৰীঃ অসমৰ কলম্বাছ হিচাপে পৰিচিত আমৰি কার্বি জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত শুকুৰবাৰে এক অনশন কার্যসূচী ৰূপায়ণ কৰা হয় ৷ পুৱা ৮ বজাৰ পৰা আবেলি তিনি বজালৈ ৰূপায়ণ কৰা এই অনশন কার্যসূচীত আমৰি কার্বি জনগোষ্ঠীৰ হৈ আমৰি কার্বি জাতীয় পৰিষদ, আমৰি কার্বি ছাত্র সন্থা, আমৰি কার্বি আর্লছ আচেম, আমৰি কার্বি বাংঠে আচেম, আমৰি কার্বি সাহিত্য সন্থা, আমৰি কার্বি সাংস্কৃতিক সন্থাৰ সদস্যই গুৱাহাটীৰ ছছলৰ ধর্ণাস্থলীত এই অনশন কার্যসূচী ৰূপায়ণ কৰে ৷ উল্লেখ্য যে দীর্ঘ বছৰ ধৰি জনগোষ্ঠীটোৰ সমস্যা সমাধানৰ দাবীত গণতান্ত্রিক আন্দোলন, ৰে’লপথ অৱৰোধ, ৰাষ্ট্রীয় পথ অৱৰোধ, মন্ত্রী–বিধায়কক আবেদন কৰাৰ পিছতো কোনো সুফল নাপালে৷ বিশেষকৈ আমৰি কার্বিক পার্বত্য জনজাতি হিচাপে মর্যাদা প্রদান, ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ত শাসন প্রদান, ডিমৰীয়া ৬ সমষ্টিত তিৱা নির্বাচন বাতিল কৰা আদি দাবী উত্থাপন কৰি আহিছে ৷ কিন্তু কোনো এখন চৰকাৰে খিলঞ্জীয়া ভূমিপুত্রসকলৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰা নাই ৷ যাৰ বাবে জনগোষ্ঠীটোৰ প্রাপ্য অধিকাৰৰ দাবীত ধাৰাবাহিক আন্দোলন, অনশন কার্যসূচী হাতত ল’বলৈ বাধ্য হৈছে৷ ২৭ জানুৱাৰীত ৰাজভৱনৰ সন্মুখত ছয় জাতীয় সংগঠনে অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰিছিল ৷ ইপিনে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীতো বিভিন্ন কার্যসূচী অনুষ্ঠিত কৰি আহিছে সংগঠনকেইটাই ৷ প্রাপ্য অধিকাৰ জনগোষ্ঠীটোক প্রদান নকৰিলে ধাৰাবাহিক গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ছয় জাতীয় সংগঠনে ৷