নৰ্থ-ইষ্ট ডিভা বিজয়ী মালশ্যা কাশ্যপে কঢ়িয়াই আনিছে সুখবৰ
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ অসমবাসীলৈ পুনৰ সুখবৰ কঢ়িয়াই আনিছে ২০১৯ বৰ্ষৰ নৰ্থ-ইষ্ট ডিভাৰ বিজয়ী মালশ্যা কাশ্যপে। সৰ্বভাৰতীয় প্ৰতিযোগিতা লিভা মিছ ডিভা ২০২০ত মালশ্যা কাশ্যপৰ তৃতীয়টো খিতাপ দখল। মিছ নেছলেল কষ্টিউম খিতাপ দখল কৰিবলৈ সক্ষম হয় মালশ্যা। ইয়াৰপূৰ্বে মালশ্যাই লাভ কৰিছিল মিছ টেলেণ্ট আৰু মিছ বডী বিউটিফুল খিতাপ। ২২ ফেব্ৰুৱাৰীত লিভা মিছ ডিভাৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব আৰু অসমবাসীৰ লগতে মালশ্যাৰ শুভাকাংক্ষীসকলে শুভকামনা জনাইছে।