নিয়মীয়া বার্তা, ১ ফেব্ৰুৱাৰীঃ ওদালগুৰি জিলাৰ সোণাই খাওৰাং গাঁৱত আয়োজন কৰা বড়ো ব্যাপ্টিষ্ট কনভেনচনৰ ১০৬সংখ্যক অধিৱেশনৰ প্রথমদিনাই সংঘটিত হয় দুটা ভয়ংকৰ অঘটন ৷ ঘটনাৰ বিৱৰণী মতে, নিশা হোৱা ধুমুহা আৰু বৰষুণৰ ফলত অধিৱেশন উপলক্ষে নির্মাণ কৰি উলিওৱা বিশাল অস্থায়ী প্রার্থনা গৃহ ভাঙি পৰে ৷ ফলত প্রার্থনা গৃহত থকা প্রায় পাঁচ সহস্রাধিক লোকৰ মাজত এক হুৱা দুৱাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ সকলোৱে নিজৰ প্রাণ লৈ অস্থায়ী প্রার্থনা গৃহৰ পৰা বাহিৰলৈ ওলাই যাবলৈ হুৱা–দুৱা কৰাত এগৰাকী যুৱতী পদস্পৃষ্ট হৈ গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় ৷ পিছত যুৱতীগৰাকীক ওদালগুৰিৰ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ হয় হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ মৃত যুৱতীগৰাকীক ওদালগুৰি জিলাৰ হৰিশিঙা থানাৰ অন্তর্গত বনগুৰুং গাঁৱৰ জিচকেল বসুমতাৰীৰ কন্যা ইষ্টাৰ বসুমতাৰী৷ এই ঘটনাত নজনকৈ লোক গুৰুতৰভাৱে আহত হয়৷ আহতসকলক হ’ল ইব্রী খাখলাৰী, ফেনী দৈমাৰী, মাৰিয়া দৈমাৰী, আনন্দ দৈমাৰী, উইলছন দৈমাৰী, বিনন্দ দৈমাৰী, ফুংচাৰ ৰাভা, কুলী দৈমাৰী আৰু স্বৰাংগ বাগ্লাৰী৷ কুলী দৈমাৰীক সংকটজনক অৱস্থাত ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰা হৈছে ৷