পদব্রজে নাগালেণ্ডৰ পৰা নকছাৰীত অসমৰ শ শ লোক
নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ লকডাউনৰ মাজতে চুবুৰীয়া নাগালেণ্ডৰ পৰা অসমত প্রৱেশ কৰা শ শ লোকেৰে মৰিয়নিৰ সমীপৰ নকছাৰী অঞ্চল ভৰি পৰিছে৷ দেশজুৰি হোৱা লকডাউনৰ ফলত এইসকল লোক নাগালেণ্ডৰ বিভিন্ন স্থানত আবদ্ধ হৈ পৰিছিল৷ বিশেষকৈ নাগালেণ্ডৰ মন জিলা আৰু মোককচাং জিলাৰ পৰা এইসকল লোক পদব্রজে আহি নকছাৰীত উপস্থিত হয়৷ বিভাগীয় এক সূত্র মতে, কালি পুৱা ৮ মান বজাৰ পৰা এইসকল লোকৰ আগমন হয়৷ প্রশাসন এই সম্পর্কে অৱগত হোৱাৰ পিছতেই নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নকছাৰী গার্লছ হাইস্কুলত এইসকল লোকক ৰখাৰ ব্যৱস্থা কৰে৷ কিন্তু যথেষ্টসংখ্যক লোকৰ আগমন ঘটাত শেহতীয়াকৈ গার্লছ স্কুলৰ পৰা নকছাৰী মহাবিদ্যালয়লৈ শিবিৰটো স্থানান্তৰিত কৰা হয়৷
বর্তমানলৈকে নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৬৮জন আৰু নকছাৰী মহাবিদ্যালয়ত ১১৯জনসহ মুঠ ৩৮৭জন বহিঃৰাজ্যৰ পৰা অহা লোকক ৰখা হৈছে৷ উল্লেখ্য যে লোকসকলৰ অধিকাংশই নাগালেণ্ডৰ বিভিন্ন কয়লাখনিত শ্রমিক হিচাপে কর্মৰত অৱস্থাত আছিল৷ কার্বি আংলং, যোৰহাট আৰু গোলাঘাট জিলাৰ বিভিন্ন ঠাই যেনে– ডিফু, উৰিয়ামঘাট, মেৰাপানী, সৰুপথাৰ, বোকাজান, নগাবাট, বৰহোলা আদি অঞ্চলৰ এইসকল শ্রমিকক সম্প্রতি নকছাৰীৰ অস্থায়ী শিবিৰত ৰখা হৈছে৷ ইফালে, নকছাৰীৰ অস্থায়ী শিবিৰত থকা সকলো লোকৰে স্বাস্থ্য পৰীক্ষা সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে৷ বহিঃৰাজ্যৰ পৰা এইদৰে অহা লোকসকলক কিমান দিনলৈ এইদৰে অস্থায়ী শিবিৰত ৰখা হ’ব তাৰো কোনো স্পষ্ট নির্দেশনা নাই যদিও এক সূত্রই জানিবলৈ দিয়া মতে এইসকল লোকক ছদিনৰ বাবে অস্থায়ী শিবিৰত ৰখা হ’ব৷