নিয়মীয়া বাৰ্তা ২৪ এপ্ৰিলঃ সমগ্ৰ দেশত মহমাৰী ক’ৰোনা ভাইৰাছৰ তাণ্ডৱ, তাৰ মাজতে ৰাজ্যখনত এতিয়া প্ৰকৃতিয়ে যেন ৰুদ্ৰৰূপ ধাৰণ কৰিছে। যোৱা নিশা দক্ষিণ কামৰূপত প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত বিভিন্ন অঞ্চলত ক্ষতি সাধন কৰে। বিশেষকৈ পলাশবাৰী বিধান সভা সমষ্টিৰ দখলা বণিয়াপাৰাতো প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত ৰামচন্দ্ৰ ঠাকুৰীয়া, উত্তম ঠাকুৰীয়া, হৰেণ দাস , উদয় দাস, শশিন্দ্ৰ দাস, ললিত চন্দ্ৰ কলিতা, ৰতন শৰ্মা, দেৱেশ্বৰ শৰ্মা, অজিত কলিতা, ভৱেশ শৰ্মা, নৱ মিলন সংঘৰ গৃহ আদিৰ টিনপাত উৰুৱাই নিয়াৰ লগতে ঘৰৰ ওপৰত গছ-গছনি আদি পৰি বিস্তৰ অনিষ্ট সাধন হয়। যাৰ ফলত বহু সমস্যাৰ সন্মুখীন হৈছে উক্ত পৰিয়ালসমূহ। আনকি ওৰে নিশা বৰষুণত তিতি মুকলি আকাশৰ তলতে বহু পৰিয়ালে নিশা কটাবলগীয়া হয়। প্ৰকাণ্ড প্ৰকাণ্ড গছ উঘালি ৰাজপথত পৰাৰ বাবে যাতায়ত ব্যাহত হৈ পৰিছে।