পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত কাৰ্বি লামেত আমেইৰ ৩০তম বাৰ্ষিক অধিবেশন; মুকলি অধিৱেশনত মুখ্যমন্ত্ৰী
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ কাৰ্বি জনগোষ্ঠীৰ অন্যতম জাতীয় অনুষ্ঠান ‘কাৰবি লাম্মেত আমেই’ৰ ৩০ সংখ্যক অধিৱেশন উপলক্ষে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকাম’কামৰ ডংকাচাৰপ’ত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজস্ব ভাষা-সংস্কৃতি কোনোকালে পৰিহাৰ নকৰি নিৰৱচ্চিন্নভাৱে ইয়াৰ চৰ্চা অব্যাহত ৰাখি বিশ্ব মানচিত্ৰত আগুৱাই যাবলৈ কাৰ্বি জনগোষ্ঠীৰ প্ৰতি আহ্বান জনায়৷ কাৰ্বি ভাষা-সাহিত্যৰ বিকাশৰ দিশত ‘কাৰবি লাম্মেত আমেই’য়ে বাটকটীয়াৰ ভূমিকা গ্ৰহণ কৰি যাব লাগিব বুলিও মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়৷
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে সুপ্ৰাচীন প্ৰজ্ঞা আৰু বৰ্ণাঢ্য লোক-সংস্কৃতিৰে সমৃদ্ধ কাৰ্বিসকল অসমৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি আৰু ভাষা-সাহিত্যৰ অমূল্য ৰত্ন৷ লোক-সাহিত্য চৰ্চাৰ চহকী পৰম্পৰাৰ অধিকাৰী কাৰ্বি জনগোষ্ঠীয়ে বৃহত্তৰ অসমীয়া জাতিৰ অগ্ৰগামী যাত্ৰাক নতুন গতি দিছে৷ এই চহকী জনগোষ্ঠীটোৰ ভাষা আৰু সাহিত্যই অসমীয়া জাতিক সমৃদ্ধ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাৰ্বি জনগোষ্ঠীৰ ভাষা-সাহিত্যৰ বিকাশৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ৷
ড॰ শৰ্মাই কয় যে কাৰ্বি জনগোষ্ঠীৰ চিন্তা-চেতনাক গভীৰভাৱে প্ৰভাৱিত কৰি অহা জাতীয় অনুষ্ঠান হৈছে ‘কাৰবি লাম্মেত আমেই’৷ বিগত দশকসমূহত কাৰ্বি জনগোষ্ঠীক অধিক গতিশীল আৰু প্ৰাণৱন্ত কৰাত ‘কাৰবি লাম্মেত আমেই’য়ে এক সাগৰসদৃশ ভূমিকা গ্ৰহণ কৰি আহিছে৷ এই চহকী জনগোষ্ঠীটোৰ ভাষা আৰু সাহিত্যৰ সুপৰিকল্পিত বিকাশ আৰু শ্ৰীবৃদ্ধিত বিগত পাঁচ দশকৰো অধিক কাল অহোপুৰুষাৰ্থ কৰি অহা ‘কাৰবি লাম্মেত আমেই’য়ে কাৰ্বি ভাষা আৰু সাহিত্যক স্বকীয় ৰূপত উজলি উঠাৰ বাবে এখন উপযুক্ত মঞ্চ তৈয়াৰ কৰিবলৈ সক্ষম হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে এই জাতীয় অনুষ্ঠানটোৰ শলাগ লয়৷