পহিলা বহাগৰ দিনা ছয়গাঁৱৰ পাঁচগৰাকী বয়োজেষ্ঠ ব্যক্তিক ছয়গাঁও সাহিত্য সভাৰ সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ পহিলা বহাগৰ দিনটো অসম সাহিত্য সভাৰ “নিজৰ এদিন” উপলক্ষে ছয়গাঁৱৰ পাঁচ গৰাকী বয়োজেষ্ঠ ব্যক্তিক অসম সাহিত্য সভাৰ ফুলাম “ওলগণি পত্ৰ” আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা। অসম সাহিত্য সভাৰ নিৰ্দেশ মৰ্মে আজি ছয়গাঁও সাহিত্য সভাই জনায় এই সম্বৰ্ধনা। কৃতি শিক্ষক তথা ছয়গাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহেশ চন্দ্ৰ কলিতা, কৃতি খেলুৱৈ তথা সমাজকৰ্মী ৰুদ্ৰ কুমাৰ চৌধুৰী, সাহিত্যিক তথা সাংস্কৃতিক কৰ্মী দ্বিজেন্দ্ৰ কুমাৰ পাঠক, কৃতি খেলুৱৈ তথা সমাজকৰ্মী গিৰিন্দ্ৰ নাৰায়ণ দেৱান আৰু আদৰ্শ খেতিয়ক বিপিন চন্দ্ৰ ৰাভাক সাহিত্য সভাই জনায় সম্বৰ্ধনা। ভাষা- সাহিত্য – সংস্কৃতিৰ উত্তৰণ, বিকাশ আৰু সমৃদ্ধিশালী কৰি তোলাৰ ক্ষেত্ৰত এগৰাকী অসম প্ৰেমী হিচাপে আগবঢ়াই অহা সেৱা আৰু অৱদানৰ বাবে অসম সাহিত্য সভাৰ এই সম্বৰ্ধনা।