নিয়মীয়া বাৰ্তা, ৭ জুলাই: দ্রুতগতিত গুৱাহাটীত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বিষয়টোৱে উদ্বিগ্ণ কৰি তুলিছে স্বাস্থ্য বিভাগক৷ ক্রমাৎ অধিক জটিলতাৰ দিশলৈ গতি কৰা মহানগৰীত সামাজিক সংক্রমণে ভয়াৱহ ৰূপ লৈছে৷ এনে পৰিস্থিতিত স্বাস্থ্য বিভাগে ঘৰে ঘৰে ক’ভিড পৰীক্ষা কৰাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে৷ ৰাজধানী চহৰখনৰ স্পর্শকাতৰ অঞ্চল ৰূপে চিনাক্ত হোৱা পাণ্ডু এলেকাত এই লক্ষ্যৰে আজিৰ পৰা আৰম্ভ কৰা হ’ব ক’ভিড টেষ্ট৷ গুৱাহাটী পৌৰ নিগমৰ অন্তর্গত দুই নং ৱার্ডৰ বৃহত্তৰ পাণ্ডু এলেকাত অহা দুদিনত ৩ হাজাৰ লোকক ক’ভিড টেষ্ট কৰাৰ প্রস্তুতিৰ কথা সদৰী কৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে, গুৱাহাটীৰ প্রতিটো ৱার্ডতে স্বাস্থ্য বিভাগে পৰীক্ষা কৰাৰ বাবে পদক্ষেপ ল’ব৷ এই পৰীক্ষা প্রতিজন লোকক দিবলৈ মন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ ইফালে গুৱাহাটীত ক’ৰোনা আক্রান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ ক্ষেত্রত চিকিৎসালয়ৰ বিছনাৰ পৰিমাণ হ্রাস পাই আহিছে৷ অৱশ্যে মন্ত্রী ড০ শর্মাই এই দিশত স্পষ্ট কৰি দিয়ে যে মহানগৰীত ক’ভিড ৰোগীৰ বাবে বিছনাৰ অভাৱ নহ’ব৷ খানাপাৰা আৰু মণিৰাম দেৱান ট্রেড চেণ্টাৰৰ পাছত গুৱাহাটীৰ আই আই টিত ক’ভিড চিকিৎসালয় স্থাপনৰ প্রস্তুতি আৰম্ভ হৈছে৷ আই আই টিত থকা ৫টা কোৱাৰেণ্টাইন শিবিৰ চিকিৎসালয়লৈ ৰূপান্তৰিত কৰা হ’ব৷
মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, আই আই টিত নতুন গেষ্ট হাউছ, পুৰণি গেষ্ট হাউছ, নতুন আৱাস, কেন্দ্রীয় বিদ্যালয় আৰু দিচাং হোষ্টেল ক’ভিড চিকিৎসালয়লৈ পৰিৱর্তন কৰা হ’ব৷ ইফালে মন্ত্রীগৰাকীয়ে অলপতে চাংসাৰিৰ ২১নং ৰাষ্ট্রীয় ঘাইপথৰ কাষতে থকা লেভেলছ ইণ্ডিয়া উদ্যোগটোৰ কাষৰ এটা স্থান পৰিদর্শন কৰে৷ এই অঞ্চলতে শীঘ্রে এখন ক’ভিড চিকিৎসালয় স্থাপনৰ বাবে স্বাস্থ্য বিভাগে প্রস্তুতি আৰম্ভ কৰিছে৷ আনহাতে, স্বাস্থ্যমন্ত্রীয়ে কালি মির্জাত বৰকুছিস্থিত পতঞ্জলি ক’ভিড চিকিৎসালয়খন পৰিদর্শন কৰি বিভিন্ন দিশ তদাৰক কৰে৷ মন্ত্রীগৰাকীয়ে চিকিৎসালয়খনৰ প্রশাসনীয় বিষয়া আৰু চিকিৎসা বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ শেহতীয়াকৈ দেখা দিয়া সমস্যাসমূহ সমাধান কৰাৰ কথা উল্লেখ কৰে৷