পূৰ্বৰ বাজেটতকৈ ব্যতিক্ৰম হ’ব এইবাৰৰ বাজেটঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ শুকুৰবাৰে বিয়লি প্ৰায় ২ বজাত বিধানসভাত সোণোৱাল চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাজেট দাখিলৰ পূৰ্বে বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ ২০২০-২১ বৰ্ষৰ পূৰ্ণাংগ বাজেট উত্থাপন কৰা হ’ব। জনকল্যাণ মূলক আঁচনিয়ে এই বাজেটক নতুন পৰ্যায়লৈ লৈ যাব।
যোৱা বৰ্ষত অসমৰ বিকাশৰ হাৰ আছিল ১৩% আৰু ৰাজ্য চৰকাৰৰ ব্যয় আছিল প্ৰায় ৭৩ কোটি টকা। এই বাজেটত কেইবাটাও উন্নয়নৰ নতুন দিশ থাকিব। নতুন দৰ্শনৰে বাজেটখন ৰাইজৰ বাবে গ্ৰহণ যোগ্য হ’ব। মহিলা-শিশু-দিব্যাংগসকলৰ পৰা জ্যেষ্ঠজনলৈ সকলোৰে বাবে হ’ব এই বাজেট। ৩০-৪০লাখ পৰিয়ালৰ উন্নয়নৰ বাবে আঁচনি থাকিব এই বাজেটত। বাজেটৰ দ্বাৰা সকলো স্তৰৰ লোক উপকৃত হ’ব বুলিও মন্তব্য মন্ত্ৰী ড০ শৰ্মাৰ।
তেওঁ লগতে কয় যে আমি মহিলা, শিশু, দিব্যাংগসকলৰ বাবে কি কৰিব খুজিছো, তাৰো এখন সুকীয়া বাজেট থাকিব। এই পূৰ্ণাংগ বাজেটৰ অংশ হিচাপে সৰু সৰুকৈ থাকিব কেইবাখনো সুকীয়া বাজেট থাকিব য’ত বিভিন্ন স্তৰৰ বাবে আমি কৰিব খোজা কামসমূহৰ এটা সমাহিত ৰূপ দেখা পোৱা যাব।
আনহাতে শুকুৰবাৰে দাখিল কৰিব লগা বাজেটক সমালোচনা বিৰোধীৰ। সপোনৰ নহয় দিঠকৰ বাজেট লাগে বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। তেওঁ লগতে কয় যে আমাক ফুলজাৰি মৰা বাজেট নালাগে। এই বাজেটেও মানুহক বহুত আশ্বাস দিব, যোৱা ৪ বছৰে ৰাইজক দিয়া আশ্বাসসমূহ কিমান পালন কৰিলে আমাক সেইটোহে লাগে বুলি কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।