নিয়মীয়া বাৰ্তা, ২৪ মার্চঃ নলবাৰী জিলাৰ সৰিয়হতলীত দীপজ্যোতি বেজবৰুৱা নামৰ যুৱকজনে তেওঁৰ লগৰীয়াসকলৰ সহযোগত গঢ়ি তুলিছে প্রগতি পুথিভঁৰাল ৷ য’ত থাকিব সাহিত্যৰ আলোচনা, নাথাকিব কোনো ৰাজনৈতিক কচৰৎ ৷ পুথিভঁৰালটোত প্রতি দেওবাৰে শতাধিক শিশুৰ মাজত ৰূপায়ণ কৰি অহা হৈছে ‘আইৰ মুখৰ ভাষা’, ‘বিজ্ঞানৰ এক নতুন দিগন্ত’ শীর্ষক কার্যসূচী ৷ ইতিমধ্যে এনে কার্যসূচীত বিভিন্ন বিশিষ্ট লোকৰ লগতে সমাজকর্মী ৰাজীৱ চক্রৱর্তীয়ে শিশুসকলক সময়ৰ সদ্ব্যৱহাৰ কৰি জীৱনত আগবাঢ়ি যাব পৰাকৈ কেতবোৰ কৌশল শিকায় ৷ ‘আইৰ মুখৰ ভাষা’ কার্যসূচীত ‘সন্ধান’ স্বেচ্ছাসেৱী সংস্থাৰ সাধাৰণ সম্পাদক তাজিমউদ্দিন আহমেদ উপস্থিত থাকি অসমীয়া ভাষা, সাহিত্য–সংস্কৃতি জীয়াই ৰাখিবলৈ হ’লে অসমত অনৈক্যৰ মাজত থকা একতাৰ এনাজৰীডাল অধিক মজবুত কৰিবলৈ আহ্বান জনায় ৷ শিশুসকলৰ মাজত একতাৰ শক্তি, পৰিৱেশ আৰু মানৱতাৰ ভিডি’ প্রদর্শন কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকি কবি প্রণৱ খাৰজাৰ আৰু ৰঙিয়া কলেজৰ ছাত্রী দীপশিখা কলিতাই ছাত্র–ছাত্রীসকলক গ্রন্থ অধ্যয়নত মনোনিৱেশ কৰিবলৈ পৰামর্শ দিয়ে৷ প্রগতি পুথিভঁৰালৰ সক্রিয় কর্মী ভার্গৱ ডেকাই শিশুসকলৰ মাজত ‘বিজ্ঞানৰ এক নতুন দিগন্ত’ কার্যসূচী ৰূপায়ণ কৰি গণিতৰ পাঠ্যক্রমৰ ওপৰত আলোচনা আগবঢ়ায়৷ সমূহ কার্যসূচী ৰূপায়ণত সহযোগ কৰে পুথিভঁৰালৰ লগত ওতপ্রোতভাৱে জডিত অপূর্ব বেজবৰুৱা আৰু ৰুবুল মহন্তই ৷