নিয়মীয়া বাৰ্তা, ২৪ মার্চঃ পুনৰ আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ যোৱা ১২ মার্চত বিত্তমন্ত্রীৰ বাজেট ভাষণৰ ওপৰত তিনি দিন ধৰি চলা আলোচনাৰ অন্তত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উত্তৰ দিয়ে ৷ ইয়াৰ পিছত বিভাগীয় সম্পর্কিত ষ্টেণ্ডিং কমিটীৰ (ডি আৰ এছ চি) বৈঠকৰ বাবে আজিলৈকে সদনৰ কার্যক্রমণিকা স্থগিত আছিল ৷ পুৱা ৯.৩০ বজাৰ পৰা পুনৰ সদন আৰম্ভ হয় ৷ পূর্বৰ সূচী অনুসৰি সদন অহা ৩০ মার্চলৈ চলাৰ কথা যদিও ক’ৰোনাক কেন্দ্র কৰি উদ্ভৱ হোৱা সাম্প্রতিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত কার্যসূচী সংক্ষিপ্ত কৰি আজিৰ দিনটোতে ২০২০–২১ বিত্তীয় বর্ষৰ বাজেট গৃহীত কৰি বিধানসভাৰ চলিত অধিৱেশনৰ সামৰণি ঘটোৱাৰ চিন্তা–চর্চা কৰিছে শাসক–বিৰোধীয়ে ৷ এই সম্পর্কত বিৰোধী দলপতি দেৱব্রত শইকীয়াই জানিবলৈ দিয়া মতে, আজি সদনৰ প্রশ্নোত্তৰকালৰ পিছত শূন্যকালীন ঘণ্টা আদি কোনো কার্যসূচী নাথাকিব ৷ প্রশ্নোত্তৰকালৰ পিছতেই অসম বিনিয়োজন বিধেয়ক উত্থাপন হ’ব আৰু ২০২০–২১ বিত্তীয় বর্ষৰ বাজেট গৃহীত কৰা হ’ব ৷ তদুপৰি ইতিমধ্যে সদনত দাখিল কৰা বিধেয়ককেইখন আজিয়েই গৃহীত কৰাৰ ব্যৱস্থা কৰা হ’ব ৷ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আজিয়েই এই অধিৱেশন সমাপ্ত কৰা হ’ব ৷
Next Post
You might also like