নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিশ্রুতিৰ বন্যাৰে ভোট ভিক্ষা হাগ্রামা মহিলাৰীৰ

কচুগাঁৱত তিনি সহস্রাধিকৰ বিপিএফত যোগদান

নিয়মীয়া বার্তা, ১৯ মার্চঃ ‘বিটিচি নির্বাচনত যিমানে দল–সংগঠনে প্রতিদ্বন্দ্বিতা নকৰক কিয় বিপিএফ দলক পৰাভূত কৰিব নোৱাৰে ৷ কিয়নো সকলো জাতি–জনগোষ্ঠীৰ লোকে বিপিএফ দলক আপোন কৰি লৈছে ৷ এই দলে কেতিয়াও উগ্র জাতীয়তাবাদক সমর্থন কৰা নাই ৷ সম–অধিকাৰ, সমবণ্টন, সমবিকাশৰ নীতিৰে তিনিবাৰ ভোটত জয়লাভ কৰাৰ দৰে বিটিচিত চতুর্থবাৰৰ বাবেও বিপিএফ দলৰ নেতৃত্বতহে চৰকাৰ গঠন হ’ব ৷ এই ভাষ্য বিটিচিৰ মুখ্য কার্যবাহী সদস্য তথা বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীৰ ৷ তেওঁ বুধবাৰে কচুগাঁৱত যুৱ বিপিএফ আৰু বড়োলেণ্ড ছাত্র সন্থাই আয়োজন কৰা বিশাল যুৱ সমাৱেশত মুখ্য অতিথি হিচাপে অংশ লৈ ভাষণত আৰু কয় যে ‘আমি এইবাৰ নতুন চৰকাৰ গঠন কৰাৰ পিছতে দলৰ প্রাথমিক কার্যসূচী হিচাপে বিটিচিৰ প্রতিটো জাতি–জনগোষ্ঠীৰ বাবে সুকীয়াকৈ গঠন হ’ব উন্নয়ন পৰিষদ ৷ সামগ্রিকভাৱে বিভিন্ন জাতি–জনগোষ্ঠীৰ সমস্যাসমূহ উপস্থাপনৰ সুযোগ নোপোৱাসকলে নিজৰ নিজৰ সমস্যা পৰিষদৰ জৰিয়তে সমাধান কৰিবলৈ সুযোগ লাভ কৰিব ৷ একেদৰে চাকৰিৰ বয়স উকলি যোৱা নিবনুৱাসকলৰ বাবে মাহিলি ভাট্টা দিয়াৰ চিন্তা–চর্চা কৰাৰ উপৰি বিটিচিবাসীৰ পঞ্চাশ শতাংশ বিদ্যুৎ মাচুল বিটিচি চৰকাৰে আদায় দিয়াৰ কথাও চিন্তা কৰি আছে ৷ বিটিচিত বসবাস কৰা ভূমিহীন লোক তথা চৰকাৰী খাচ,বনভূমি আদিত বসবাস কৰা পৰিয়ালক পর্যায়ক্রমে ভূমিৰ অধিকাৰ প্রদান কৰা হ’ব ৷ বিটিচি নির্বাচনত বিপিএফ দলে ক্ষমতা লাভ কৰিলে প্রতিটো জাতি–জনগোষ্ঠীৰ ভূমিহীন লোকে মাটিৰ পট্টা পোৱাটো খাটাং ৷ কচুগাঁৱত নির্বাচনী ৰণডংকা বজোৱা মহিলাৰীয়ে বিটিআৰ শান্তি চুক্তিক আদৰণি জনাই অস্ত্র সম্বৰণ কৰা এন ডি এফ বিৰ চাৰিওটা গোটৰ শলাগ লয় ৷ ইয়াৰ বিপৰীতে মহিলাৰীয়ে এবছুৰ পৃথক বডো ৰাজ্য গঠনৰ আন্দোলন স্থগিত কৰি বিটিআৰ চুক্তি স্বাক্ষৰ কৰা প্রমোদ বডোক তির্যক ভাষাৰে সমালোচনা কৰে ৷

উল্লেখ্য যে অহা ৪ এপ্রিলত অনুষ্ঠিতব্য বিটিচি নির্বাচনক কেন্দ্র কৰি বিভিন্ন দল–সংগঠনে প্রচাৰ কার্য তুংগত তোলাৰ সময়তে মহকুমাৰ কচুগাঁও খেলপথাৰত বডোলেণ্ড ছাত্র সন্থাৰ উদ্যোগত অনুষ্ঠিত বিশাল যুৱ সমাৰোহত মন্ত্রী প্রমীলাৰাণী ব্রহ্ম আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সাম্প্রতিক সময়ৰ ৰাজনৈতিক পৰিৱেশ, বিপিএফ ঐক্য, শান্তি আৰু প্রগতিৰ শ্লোগান লৈ প্রচাৰ চলায়৷ বিধায়ক মাজেন্দ্র নার্জাৰী, কার্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্রহ্ম, মৃত্যুঞ্জয় নার্জাৰী, গুমা, শ্রীৰামপুৰ আৰু যমদুৱাৰ সমষ্টিৰ প্রার্থীসহ বহুসংখ্যক শীর্ষ পর্যায়ৰ নেতা আৰু সহস্রাধিক লোকে অংশগ্রহণ কৰা নির্বাচনী প্রচাৰ সভাত এন ডি এফ বি, ইউ পি পি (এল), কংগ্রেছ আদি দলৰ পৰা তিনি সহস্রাধিক লোকে বিপিএফত যোগদান কৰে৷

You might also like