নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রয়োজনত আজমলক কৰিব সোধা–পোছা

দিল্লীত শ্বার্জিল ইমামৰে সাংসদ–বিধায়ক–অধিবক্তাৰ গোপন বৈঠক

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ দেশ বিভাজনৰ প্রৰোচনামূলক মন্তব্য দি দেশৰ অখণ্ডতাৰ প্রতি ভাবুকি সৃষ্টি কৰা শ্বার্জিল ইমামৰ সৈতে দিল্লীত গোপন বৈঠকত মিলিত হোৱা এআইইউডিএফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলক সোধা–পোছা কৰিব অসম আৰক্ষীৰ ক্রাইম ব্রাঞ্চে৷ ক্রাইম ব্রাঞ্চৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া মতে, ৰাষ্ট্রদ্রোহৰ অভিযোগত শ্বার্জিল ইমামৰ বিৰুদ্ধে ৰুজু কৰা ১/২০২০ নম্বৰৰ গোচৰটোৰ তদন্ত প্রক্রিয়া ক্ষিপ্রগতিত চলি আছে৷ গোচৰটো সংক্রান্তত বর্তমান শ্বার্জিল ইমামক ক্রাইম ব্রাঞ্চৰ কার্যালয়ত জেৰা চলাই থকা হৈছে৷ অসম তথা উত্তৰ–পূর্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি উচটনিমূলক মন্তব্য দিয়া শ্বার্জিল ইমামৰ সৈতে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে দিল্লীত গোপন বৈঠকত কি আলোচনা কৰিছিল সেই বিষয়ে সোধা–পোছা কৰা হৈছে৷ শ্বার্জিল ইমামে নাগৰিকত্ব সংশোধনী আইন (কা) আৰু এনআৰচি সন্দর্ভত আলোচনা কৰা বুলি কৈছে৷ বিশেষকৈ এনআৰচি আৰু ‘কা’ আহিলে অসমৰ মুছলমানসকলৰ কি হ’ব তাকে লৈ আলোচনা কৰা বুলি তেওঁ সদৰী কৰিছে৷ শ্বার্জিল ইমামৰ এই ভাষ্য সম্পূর্ণৰূপে মানি লোৱা নাই ক্রাইম ব্রাঞ্চে৷ উক্ত বৈঠকখনত দেশবিৰোধী কোনো গোপন অভিসন্ধি থাকিব পাৰে৷ বৈঠকখনৰ আলোচনাৰ বিষয় সন্দর্ভত তথ্য উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত আছে, সেয়ে প্রয়োজন হ’লে সাংসদ বদৰুদ্দিন আজমলকো বৈঠকখনৰ বিষয় সন্দর্ভত সোধা–পোছা কৰা হ’ব৷ উল্লেখ্য যে যোৱা বর্ষৰ নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত দিল্লীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ) গৱেষক ছাত্র শ্বার্জিল ইমামৰ সৈতে এখন গোপন বৈঠকত মিলিত হৈছিল বদৰুদ্দিন আজমল৷ সেই বৈঠকখনত সাংসদ বদৰুদ্দিন আজমলৰ উপৰি কেইবাজনো বিধায়ক আৰু অধিবক্তাও উপস্থিত আছিল৷ সেয়ে দিল্লীৰ গোপন বৈঠকখনৰ বিষয়টো গুৰুত্বসহকাৰে লৈছে ক্রাইম ব্রাঞ্চে৷ ইফালে অসম আৰক্ষীৰ এক শির্ষ সূত্রয়ো দিল্লীৰ গোপন বৈঠকখন সংক্রান্তত প্রয়োজনত বদৰুদ্দিন আজমলৰ লগতে অন্যান্যসকলকো সোধা–পোছা কৰাৰ বাবে ক্রাইম ব্রাঞ্চৰ কার্যালয়লৈ তলব কৰা হ’ব বুলি জনায়৷ ক্রাইম ব্রাঞ্চৰ সূত্রটোৱে জনোৱা মতে, অসম তথা উত্তৰ–পূর্বাঞ্চলক ভাৰতৰ মূল ভূখণ্ডৰ পৰা খণ্ডিত কৰাৰ হুংকাৰ দিয়া শ্বার্জিল ইমামৰ বুধবাৰে কণ্ঠস্বৰৰ নমুনা সংগ্রহ কৰে ক্রাইম ব্রাঞ্চে৷ উল্লেখ্য যে যোৱা ২৩ জানুৱাৰীত দিল্লীৰ শ্বাহিনবাগত অসম তথা উত্তৰ–পূর্বাঞ্চলক খণ্ডিত কৰাৰ হুংকাৰ দিয়া কথাখিনি আজি পুনৰ অনুৰূপ ধৰণে শ্বার্জিল ইমামক মাইক্র’ফোনত ক’বলৈ দিয়া হয়৷ মহানগৰীৰ কাহিলিপাৰাত থকা ৰাজ্যিক ফৰেনছিক বিজ্ঞান গৱেষণাগাৰত শ্বার্জিল ইমামৰ কণ্ঠস্বৰৰ নমুনা সংগ্রহ কৰা হয়৷ কণ্ঠস্বৰৰ নমুনা সংগ্রহ কৰাৰ সমগ্র মুহূর্তখিনি ভিডি’ ৰেকর্ডিং কৰা হয়৷ সূত্রটোৱে জনোৱা মতে, অসম আৰক্ষীৰ বিশেষ শাখাৰ কার্যালয়তো ডিজিটেল তদন্ত আৰম্ভ কৰি থকা হৈছে৷ বিশেষ শাখাৰ চাইবাৰ ডমৰ সহায়ত জেএনইউৰ গৱেষক ছাত্রজনৰ লেপটপ, ছ’চিয়েল মিডিয়া একাউণ্ট আৰু হোৱাট্ছএপ পৰীক্ষা কৰি থকা হৈছে৷ লেপটপৰ ই–মেইল আৰু হোৱাট্ছএপৰ জৰিয়তে প্রেৰণ কৰা তথা উর্দু ভাষাত লিখা বার্তাসমূহ চাইবাৰ এক্সপার্টে চাইবাৰ ডমৰ জৰিয়তে উদ্ধাৰ কৰাৰ পিছত সেই বার্তাসমূহ অসমীয়ালৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ যিসমূহ বার্তা অনুবাদ কৰা হৈছে তাত ‘কা’ৰ বিৰুদ্ধে দেশৰ সকলো মুছলমান একগোট হৈ আন্দোলন কৰাৰ আহ্বান জনোৱাৰ তথ্য পোৱা গৈছে৷ সেয়াই নহয়, ক্রাইম ব্রাঞ্চে ম’বাইল ফোন কোম্পানীৰ পৰা বিচাৰিছে শ্বার্জিল ইমামৰ যোৱা বছৰৰ সকলো কল ডিটেইল্ছ৷ যাতে নিশ্চিত কৰিব পৰা যায় যে অসমৰ কোন কোন ব্যক্তিৰ লগত সম্পর্ক আছে, যাৰ বিষয়ে শ্বার্জিল ইমামে বর্তমানেও আৰক্ষীৰ আগত কোৱা নাই৷

You might also like