নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রৱঞ্চনাৰে কলকাতাৰ ব্যৱসায়ীৰ গাড়ী লিজত লৈ বিক্রী কংগ্রেছী

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ ৰাজ্যত সক্রিয় হৈ আছে আন্তঃৰাষ্ট্রীয় গাড়ী চুৰি চক্র৷ এই চক্রটোৱে প্রৱঞ্চনাৰে বহু লোকৰ পৰা গাড়ী লীজত লৈ বিক্রী কৰি অহাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ শেহতীয়াকৈ এই আন্তঃৰাষ্ট্রীয় গাড়ী চুৰি চক্রৰে কংগ্রেছী পালিনেতা জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ব্যৱসায়ীয়ে৷ বুধবাৰে দিছপুৰ প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত কলকাতাৰ সঞ্জীৱ সিং নামৰ ব্যৱসায়ীজনে কংগ্রেছী পালিনেতা আব্দুল হান্নান আৰু ৰেহান উদ্দিনৰ বিৰুদ্ধে গাড়ী চুৰি কৰাৰ অভিযোগ উত্থাপন কৰে৷ শীর্ষ কংগ্রেছী নেতাৰ ঘনিষ্ঠ চিৰাজ উদ্দিনে ২০১৫ চনৰ ১২ অক্টোবৰত কলকাতাৰ ব্যৱসায়ী সঞ্জীৱ সিঙৰ পৰা ছখনকৈ ডাম্পাৰ এবছৰৰ বাবে লীজত লৈছিল৷ ব্যৱসায়ী সিঙৰ ডব্লিউ বি–২৫ ই–০০১২, ডব্লিউ বি–২৫ ই–৫০৪০, ডব্লিউ বি–২৫ ই–৫১৪৭, ডব্লিউ বি–২৫ ই–৪২২৩, ডব্লিউ বি–০৩ চি–৭৭৪০ আৰু ডব্লিউ বি–০৩ চি–৮১৭৭ নম্বৰৰ ডাম্পাৰকেইখন লীজত লৈছিল৷ ইয়াৰ পিছতে ব্যৱসায়ীজনৰ সৈতে যোগাযোগ বন্ধ কৰি দুই কংগ্রেছী পালিনেতাই ডাম্পাৰকেইখন চুৰি হোৱা বুলি জনায়৷ ঘটনা সন্দর্ভত ভুক্তভোগী ব্যৱসায়ী সঞ্জীৱ সিঙে ডবকা থানাত ৫২/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰে৷ উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি এখন চুৰি ডাম্পাৰ চিৰাজ উদ্দিনৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ তদন্তত চুৰি ডাম্পাৰকেইখনৰ ছেচিছ নম্বৰ, ইঞ্জিন নম্বৰ আৰু পঞ্জীয়ন নম্বৰো এই প্রৱঞ্চক চক্রটোৱে সলনি কৰাৰ তথ্য পোহৰলৈ আহিছে৷ অৱশ্যে আন পাঁচখন চুৰি ডাম্পাৰৰ এতিয়াও কোনো সম্ভেদ পোৱা নাই৷

You might also like