নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাষ্টিক বর্জনৰ লক্ষ্যৰে অসম সমবায় মৰাপাট কলৰ মৰাপাটৰ বেগ বিক্রী

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ শিলঘাটৰ অসম সমবায় মৰাপাট ক’লে পাষ্টিক বেগ বর্জনৰ লক্ষ্যৰে উৎপাদন কৰিছে উন্নত মানৰ মৰাপাটৰ বেগ৷ দেওবাৰে প্রথমবাৰৰ বাবে জখলাবন্ধা বজাৰত গ্রাহকৰ বাবে মৰাপাটৰ বেগ বিক্রীৰ ব্যৱস্থা কৰা হয়৷ কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগৰ উদ্যোগত এই ব্যৱস্থা গ্রহণ কৰা হয়৷ পৰিৱেশ সুৰক্ষাৰ স্বার্থত পাষ্টিক বর্জন কৰক, অসম সমবায় মৰাপাট কলত প্রস্তুত কৰা বেগ ক্রয় কৰক শ্লোগানেৰে দেওবাৰে জখলাবন্ধা বজাৰত মৰাপাট কল কর্তৃপক্ষই এই বেগ বিক্রী কৰাৰ ব্যৱস্থা কৰে৷ দুঘণ্টাৰ ভিতৰত ১০০ টকা মূল্যৰ এশটা বেগ বিক্রী হয়৷ এই বেগ বিক্রীৰ কার্যসূচীত অংশ গ্রহণ কৰি মহকুমাধিপতি বিতোপন নেওগে কয়– সমবায় খণ্ডৰ এই উদ্যোগটো গতিশীল কৰি ৰাখিবলৈ সকলোৱে সহযোগিতা কৰিব লাগিব৷ উন্নত মানৰ এই বেগ ক্রয় কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়৷ এই অনুষ্ঠানত মৰাপাট কলৰ পৰিচালন সঞ্চালক গুণমণি গগৈ, পৰিচালনা সমিতিৰ উপ–সভাপতি পলাশ বৰা আদিয়ে অংশগ্রহণ কৰে৷ শীঘ্রেই মৰাপাট কলৰ সন্মুখত বেগ বিক্রী কৰাৰ এখন বিপণী মুকলি কৰাৰ লগতে আন আন বজাৰসমূহতো এই বেগ বিক্রী কৰা হ’ব৷

You might also like