নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিগৰাকী আশাকৰ্মীলৈ এহেজাৰ টকাকৈ মাননিঃ বিধায়ক সত্যব্ৰত কলিতা

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ বিষবাষ্পই সমগ্ৰ অসমত মহা আতংক আৰু স্বাস্থ্য খণ্ডৰ প্ৰতি ভয়ানক ভাবুকি সৃষ্টি কৰাৰ পৰাই নিজ সমষ্টিত ইয়াক প্ৰতিহিত কৰাৰ বাবে দিন-ৰাতি একাকাৰ কৰা কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই বৃহস্পতিবাৰে পুনৰ সমষ্টিটোৰ বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । এই সময়ত তেওঁ স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰধান ডা: আবু মহম্মদ মোস্তাফা কামাল আৰু খণ্ড কাৰ্যক্ৰম প্ৰবন্ধক কমলা ভাগৱতীৰ সৈতে সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে । বিধায়ক কলিতাই স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক,কৰ্মচাৰী সকলৰ কৰ্মৰ শলাগলৈ সন্তুষ্টি ব্যক্ত কৰে । বিধায়ক গৰাকীয়ে লগতে আত্মসন্তুষ্টিত ডুব নাযাবলৈয়ো আহ্বান জনাই ক’ৰোনা নি:শেষ নোহোৱা পৰ্যন্ত লগতে অধিক উৎসাহৰে কৰ্মক্ষেত্ৰত জপিয়াই পৰাৰ বাবে আটাইকে উদ্বুদ্ধ কৰাৰো প্ৰয়াস চলায় । লগতে তেওঁ নিৰ্দিষ্ট দৰমহা নথকাৰ পৰিপ্ৰেক্ষিতত আশাকৰ্মী সকলক বিধায়ক পুঁজিৰ পৰা এহেজাৰ টকাকৈ মাননি আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দি আশাকৰ্মী সকলৰ তালিকা সংগ্ৰহ কৰে । তদুপৰি বিধায়ক গৰাকীয়ে সমষ্টিটোৰ স্পৰ্শকাতৰ গাঁও সমূহত হেণ্ড ছেনিটাইজাৰ ,মাস্ক ,চাবোন আদিও বিতৰণ কৰি আছে ।

You might also like