প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ ১.০১ কোটি সাংসদ পল্লৱৰ
নিয়মীয়া বাৰ্তা ৩০ মাৰ্চঃ দেশত অব্যাহত ক’ৰোনা বিৰোধী যুঁজক অধিক শক্তিশালী কৰিবলৈ তেজপুৰৰ সাংসদ পল্লৱলোচন দাসে সাংসদ পুঁজিৰ পৰা ১ কোটি টকা লগতে দেশৰ ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাক অধিক সদৃঢ় কৰাৰ মহান লক্ষ্যৰে নিজৰ দৰমহাৰ ১ লাখ টকা প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে । সাংসদগৰাকীৰ মহানুভৱতাক সমষ্টিবাসীয়ে শলাগ লৈছে।