নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন সাংসদ তথা বিধায়ক ভদ্ৰেশ্বৰ বুঢ়াগোহাঁইৰ মৃত্যু

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ প্ৰাক্তন সাংসদ তথা বিধায়ক ভদ্ৰেশ্বৰ বুঢ়াগোহাঁইৰ মৃত্যু।  আজি দিছপুৰ পলিক্লিনিকত শেষনিশ্বাস বুঢ়াগোহাঁইৰ। দীৰ্ঘদিনে অসুস্থ হৈ আছিল বুঢ়াগোহাঁই।
প্ৰয়াত ভদ্ৰশ্বৰ বুঢ়াগোহাঁই ১৯৪৬ চনৰ ১৬ ডিচেম্বৰত জন্ম গ্ৰহণ কৰিছিল সোনাৰিৰ সৰুপথাৰ গাঁৱত । পিতৃ গণেশ বুঢ়াগোহাঁই আৰু মাতৃ জানকি বুঢ়াগোহাঁই । কৰ্ম জীৱন হিচাপে  পাতনি  মেলিছিল বামপথাৰ বেঙেনাবাৰী হাইস্কুলত। দুই বছৰ শিক্ষকতা কৰাৰ পাছত শিৱসাগৰ জিলা সত্ৰ ন্যায়ধিক আদালতত অধিবক্তা তথা অসম আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হোৱা আন্দোলনকাৰী সকলক আইনী সহায় আগবঢ়োৱাত মূখ্য ভূমিকা লৈছিল । সোনাৰি সমষ্টিৰ পৰা ১৯৮৫ চনত বিধায়ক , বিধান সভাৰ উপাধ্যক্ষ আৰু ১৯৯০ চনত অগপৰ ৰাজ্য সভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । শিৱসাগৰ ৰংঘৰ বাকৰিত অনুষ্ঠিত আলফাৰ প্ৰথম সভাত কাৰ্যনিৰ্বাহ সদস্য হিচাপে আছিল ।

You might also like