নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰয়াত অভিযন্তা প্ৰশান্ত বিশ্ব শৰ্মাৰ সোঁৱৰণত অসম সাহিত্য সভাৰ স্মাৰক ভৱন উদ্ধোধন

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ অসম সাহিত্য সভাৰ কামৰূপ জিলা সাহিত্য সভা ভৱন চৌহদত আজিৰে পৰা এটা নতুন ভৱনৰ সংযোজন হল। প্ৰয়াত অভিযন্তা প্ৰশান্ত বিশ্ব শৰ্মা সোঁৱৰণত নিৰ্মিত স্মাৰক ভৱনটো উদ্ধোধন কৰে বিশিষ্ট ভাষাবিদ ড০ ৰমেশ পাঠক,বিশিষ্ট গণিতজ্ঞ ড০ বিজয় কুমাৰ দেৱ শৰ্মা, প্ৰয়াত শৰ্মাৰ জেষ্ঠ ভাতৃ দিগন্ত বিশ্ব শৰ্মা, আৰু আৰু অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি তথা মাতৃ মৃণালিনী দেৱীয়ে। সুদক্ষ অভিযন্তা কবি তথা প্ৰৱন্ধকাৰ এই দিনাই উন্মোচন কৰা হয় এখন গল্প কাব্য সংকলন। প্ৰয়াত শৰ্মাই বিভিন্ন সময়ত লিখি থৈ যোৱা অসমীয়া ইংৰাজী হিন্দী ভাষাত লিখি থৈ যোৱা চাৰিটা প্ৰৱন্ধ, দহটি কবিতা আৰু দুটা গল্প সংকলন উন্মোচন কৰা হয়। বিশিষ্ট ভাষাবিদ ড০ ৰমেশ পাঠকে কয় যে প্ৰয়াত শৰ্মাৰ আকস্মিক বিয়োগ অসমীয়া ভাষা সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি। অসম সাহিত্য সভা থাকে মানে প্ৰয়াত শৰ্মাৰ স্মৃতিও চিৰ যুগমীয়া হৈ থাকিব।
এই ভৱনটোৰ যোগেদি প্ৰয়াত পুত্ৰ সদায় মাতৃৰ বুকুত থাকিব আৰু ভৱনটোলৈ আহিব আৰু প্ৰয়াত পুত্ৰই নিৰ্দেশ দিব সমাজৰ প্ৰতি কাম কৰিবলৈ। এইদৰে নিজৰ মনৰ কথা উল্লেখ কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত উপসভাপতি তথা প্ৰয়াত শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে।
উল্লেখ্য যে অসম সাহিত্য সভালৈ আগবঢ়োৱা এই ভৱনটোৰ সম্পূৰ্ণ পৰিকল্পনা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ প্ৰাইভেট লিমিটেডৰ সঞ্চালক ৰিণিকি শৰ্মা ভূঞাৰ।

You might also like