দেওবাৰে ধুবুৰী-বিলাসীপাৰা-চাপৰত হ’ব কৰ’নাৰ ৰেনডম টেষ্টঃ হিমন্ত বিশ্ব শৰ্মা
প্ৰয়োজনত নতুকৈ বনোৱা হ'ব কোৱাৰেণ্টাইন কেম্প
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ধুবুৰীত ৫টাকৈ ক’ভিড-১৯ৰ প’জিটিভ ৰোগী আছে। বিলাসীপাৰা, চাপৰ আৰু ধুবুৰীত দেওবাৰৰ পৰা ৰেণ্ডম ভাৱে প্ৰায় ১৫০জন লোকক পৰীক্ষা কৰা হ’ব। বৰপেটা মেডিকেল কলেজত চেম্পল টেষ্ট কৰা হ’ব আৰু বিয়লিলৈ আমি ৰিপৰ্ট পাম। আঠগাঁও কবৰস্থানৰ অনুষ্ঠানত অংশ লোৱা লোকৰ উপৰিও আন কোনো লোক আক্ৰান্ত হৈছে নেকি এই সন্দৰ্ভত আমাৰ এটা সম্যক ধাৰণা হ’ব। ধুবুৰীত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
আনহাতে পশ্চিমবংগত প্ৰায় ৫০০তকৈ অধিক ক’ৰোনা আক্ৰান্ত ৰোগী আছে। যদিহে অসম-পশ্চিমবংগ সীমান্ত যদি খোলা হয় তেতিয়া ধুবুৰী আৰু কোকৰাঝাৰ জিলাত হেঁচা বেছিকৈ পৰিব সেয়ে বক্সিৰহাট আৰু শ্ৰীৰামপুৰত প্ৰায় ৭০০লোকক ৰাখিব পৰাকৈ কৰিব পৰাকৈ দুটাকৈ কোৱাৰেণ্টাইন কেম্পৰ বনাই থকা হৈছে। প্ৰয়োজনত হয়তু আৰু কোৱাৰেণ্টাইম কেম্প বনোৱা হ’ব।