নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিৱেশ্য কলাই এতিয়া বিশ্বমুখী চৰিত্র দাবী কৰে

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: ‘পৰিৱেশ্য কলাই স্থানীয়ভাৱে অনুশীলন দাবী কৰে যদিও এতিয়াৰ পৰিৱেশত সেই অনুশীলনে এই গভীৰ আৰু বিশাল ৰূপ পৰিগ্রহ কৰাৰ বাবে এই কলাৰ চর্চা বিশ্বমুখী হোৱাটো প্রয়োজন৷ এই শিক্ষা এতিয়া বিশ্বৰ বিভিন্ন শিক্ষা–প্রতিষ্ঠানে প্রণালীবদ্ধভাৱে দিয়াৰ ব্যৱস্থা কৰি পৰিৱেশ্য কলাৰ চর্চাৰ পৰিৱেশক নতুন ৰূপ প্রদান কৰিছে৷’ –এই মন্তব্য শ্রীলংকাৰ প্রসিদ্ধ অভিনয় ব্যক্তিত্ব প্রফেছৰ সৌম্য লিয়ানগেৰ৷

তেওঁ প্রশিক্ষিত অভিনেতা পৰিচালক আৰু কলম্বোৰ ইউনিভাৰছিটী অৱ ভিজুৱেল এণ্ড পাৰফর্মিং আর্টছ বিভাগৰ অধ্যাপক৷ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে অৰম্ভ কৰা পৰিৱেশ্য কলাৰ বিভাগৰ তৰফৰ পৰা আয়োজন কৰা এখন আন্তর্জাতিক ৱেবিনাৰত অংশগ্রহণ কৰি অধ্যাপকগৰাকীয়ে এই দুই বিশ্ববিদ্যালয়ৰ মাজত হ’ব পৰা অধ্যয়ন বিনিময় কার্যসূচীৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰে৷ এই ৱেবিনাৰত অংশগ্রহণ কৰি ‘ভোৰ’ নামৰ হিন্দী ছবিৰে খ্যাতি অর্জন কৰা পৰিচালক কামাখ্যা নাৰায়ণ সিঙে কয় যে আনুষ্ঠানিক শিক্ষাই পৰিৱেশ্য কলাৰ চর্চাকাৰীসকলৰ বিকাশত বিভিন্ন ধৰণে সহায় কৰে আৰু ইয়াক জীৱিকা হিচাপে গ্রহণ কৰাৰ ক্ষেত্রতো আগবঢ়াই দিয়ে৷ মুম্বাইত অভিনেত্রী হিচাপে প্রতিষ্ঠিত পৰিণীতা বৰঠাকুৰেও এই ৱেবিনাৰত অংশগ্রহণ কৰে আৰু নিজৰ সংগ্রামৰ কাহিনীৰ উল্লেখেৰে শিল্পচর্চাৰ কথা ব্যাখ্যা কৰে৷

ৱেবিনাৰত অংশগ্রহণ কৰা মুম্বাইৰ মঞ্চ আৰু চলচ্চিত্র অভিনেতা সক্ষম দায়মাই কয় যে বিশ্ববিদ্যালয়বোৰে পৰিৱেশ্য কলাক অইন বিষয়ৰ দৰে সমান গুৰুত্ব প্রদান কৰি প্রস্তুত কৰা কার্যই অনুৰাগীসকলক উৎসাহিত কৰিছে৷ কাৰণ এই শিক্ষাই ছাত্রৰ সুকুমাৰ কলা প্রবৃত্তিৰো বিকাশ সাধন কৰিব আৰু একে সময়তে জীৱিকাৰ পথো নির্মাণ কৰাত সহায় কৰিব৷ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ মানৱ বিজ্ঞান আৰু সামাজিক বিজ্ঞান বিভাগৰ ডীন ডঃ প্রতীতি বর্মনে অধ্যক্ষতা কৰা এই ৱেবিনাৰৰ সঞ্চালনা কৰা বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলাৰ সহকাৰী অধ্যাপক সংগীতা বড়োই৷

বিশ্ববিদ্যালয়খনে আৰম্ভ কৰা পৰিৱেশ্য কলাৰ স্নাতক ডিগ্রী বিভাগত নৃত্য, সংগীত আৰু নাটকৰ পাঠদান কৰা হয়৷ সমকালীন কলা জগতৰ পৰিৱেশ আৰু প্রয়োজনৰ লগত খাপ খুৱাব পৰাকৈ এই পাঠ্যক্রম যুগুত কৰা হৈছে৷ দেশ আৰু বিদেশৰ ভালেমান কৃতী পণ্ডিতে এই পাঠ্যক্রমৰ ছাত্র–ছাত্রীসকলক বিভিন্ন ধৰণে দিহা–পৰামর্শ প্রদান কৰিব৷

You might also like