ফাদিল হ’ল অইলৰ বিৰুদ্ধে বিস্ফোৰক তথ্য; মানৱসৃষ্ট কাৰিকৰী বিভ্ৰান্তিৰ বাবেই সংঘটিত হ’ল বাঘজান কাণ্ড
- ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ বিশেষজ্ঞ সমিতিৰ ৪০৭ পৃষ্ঠাজোৰা প্ৰাথমিক প্ৰতিবেদন দাখিল
- ফাদিল হ’ল অইলৰ বিৰুদ্ধে বিস্ফোৰক তথ্য
নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ পৰিৱেশ কৰ্মী বনানী কাক্কাৰ বনাম অইল ইণ্ডিয়া লিমিটেড (আৰু অন্যান্য) আৰু ৱাইল্ড লাইফ এণ্ড এনভাইৰণমেণ্ট ক’নজাৰভেচন অৰগেনাইজেচন বনাম ভাৰত চৰকাৰ (আৰু অন্যান্য) ৰ গোচৰৰ শুনানিৰ ভিত্তিত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ ন্যায়াধীশ এছ্ পি ৱাংডি আৰু সিদ্ধান্ত দাসকলৈ গঠিত প্ৰধান বিচাৰ পীঠে বাঘজান কাণ্ড সন্দৰ্ভত তদন্তৰ বাবে আঠজনীয়া সমিতি গঠন কৰি দিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ব্ৰজেন্দ্ৰ প্ৰসাদ কটকীৰ নেতৃত্বত গঠিত তদন্ত সমিতিয়ে যোৱা ২৪ জুলাই, ২০২০ তাৰিখে এন জি টিৰ মুখ্য বিচাৰ পীঠৰ ওচৰত প্ৰাথমিক প্ৰতিবেদন দাখিল কৰিছে। যোৱা ২৭ মে’ৰ পৰা তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘজানৰ বি জি আৰ ৫ ত প্ৰাকৃতিক গেছ আৰু কণ্ডেঞ্চছেট নিৰ্গত হোৱাৰ কাৰণ সন্দৰ্ভত প্ৰতিবেদনৰ ৩৭ পৃষ্ঠাত কোৱা হৈছে যে খাদটোৰ ১০০০ মিটাৰ গভীৰৰ হেলনীয়া অংশত দিয়া চিমেণ্ট প্লাগটো দৰাচলতে পাৰফ’ৰেটেড জ’নৰ কাষত কিম্বা প্লাগৰ ওপৰত হ’ব লাগিছিল। আনহাতে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ’ৰ (এছ অ’ পি)ৰ বাধ্যতামূলক নীতি অনুসৰি ব্ল’ আউট প্ৰিভেণ্টাৰ (বি অ’ পি) ৰ নিপ’ল ডাউন কৰাৰ সময়ত নিৰাপত্তা- প্ৰতিবন্ধক হিচাপে প্লাগৰ ঋণাত্মক সংযোজন আৰু পৰীক্ষা-নিৰীক্ষাত গণ্ডগোল হৈছিল। এনেধৰণৰ ভিন্ন বিসঙ্গতিৰ উপৰি বি অ’ পি আঁৰৰোৱাৰ সময়ত ছেকণ্ডাৰী ছেফটী ৱেৰিয়াৰৰ পৰীক্ষা কৰা হোৱা নাছিল।
প্ৰায় ডেৰ ঘণ্টা সময় নষ্ট কৰাৰ পাছতেই চূড়ান্ত ব্ল’ আউটৰ ঘটনা সংঘটিত হয়। ৰিট্ৰাইভেব’ল ব্ৰিজ প্লাক সংস্থাপন নকৰা সন্দৰ্ভত অইলক সোধা প্ৰশ্নৰ উত্তৰত তেনে অনুশীলন অইলত কৰা নহয় বুলি দিয়া উত্তৰত তদন্ত সমিতি বিস্ময়াভূত হয়। ইয়াৰ বিপৰীতে অ’ এন জি চিয়ে উক্ত পদ্ধতি ব্যৱহাৰ কৰে বুলিও কোৱা হৈছে। অতি পৰিতাপৰ কথা যে ডব্লিউ অ’ চি ত উল্লেখ থকা মতে চিমেণ্ট প্লাগ কৰ্মৰ নিৰ্ধাৰিত সময় ৪৮ ঘণ্টা যদিও ১২ ঘণ্টাৰ পাছতেই কেছিঙৰ পৰা ডি পি উলিয়াই দিয়া হৈছিল আৰু ১৫ ঘণ্টাৰ পাছত ৱেল হেডৰ পৰা বি অ’ পি আঁতৰ কৰা হৈছিল। এই কাৰ্য ৪৮ ঘণ্টাৰ ডব্লিউ অ’ চিৰ লিখিত নিৰ্দেশনাৰ চূড়ান্ত উলংঘন। প্ৰতিবেদনৰ মতে অইলৰ কোনো বিষয়াৰ টেলিফোনিক কিম্বা লিখিত নিৰ্দেশনাৰ অবিহনে ঠিকাদাৰী ড্ৰিলাৰে ৪৮ ঘণ্টাৰ পৰিৱৰ্তে ১৫ ঘণ্টাত বি অ’ পি আঁৰাইছিল বোলা বিষয়টো অবিশ্বাস্য। নিৰ্ভৰযোগ্য আৰু পৰীক্ষিত গৌন সুৰক্ষা কবচ (টেষ্টেড ছেকণ্ডাৰী ছেফটী মেজাৰ) ৰ অবিহনে বি অ’ পি আঁতৰোৱাৰ দৰে এক জটিল অভিযান সম্পন্ন কৰিবলৈ যোৱাৰ গুৰুত্বৰ বিষয়ে বুজি পোৱা নগ’ল বুলিও প্ৰতিবেদনত উল্লেখ কৰিছে। এই জটিল অভিযানত উপযুক্ত পৰিকল্পনাৰ অভাৱ আছিল বুলিও দোহাৰে। কোৱা হৈছে যে এছ অ’ পি অনুসৰি পৰিকল্পনা আৰু কৰ্ম সম্পাদনৰ মাজত ভিন্নতা পৰিলক্ষিত হৈছে। একেদৰে কূপটোত জটিল অভিযান চলোৱাৰ ক্ষেত্ৰত অইল আৰু ঠিকাদাৰ দুয়োপক্ষৰে উপযুক্ত তদাৰকীৰ ক্ষেত্ৰত গুৰুতৰ গাফিলটি অন্তৰ্নিহিত হৈ আছে।
প্ৰাথমিক তদন্তৰ ওপৰত ভিত্তি কৰি তদ্ৰুপ ঘটনাৰ পুনৰাবৃত্তি নঘটিবৰ বাবে গ্ৰহণ কৰা তাৎক্ষণিক প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে কোৱা হৈছে যে তেল খাদতকৈ গেছ খাদৰ কৰ্ম সম্পাদন সুকীয়া। গতিকে, গেছৰ বাবে সুকীয়া এছ অ’ পি গ্ৰহণ কৰাটো জৰুৰী। কোনো হাউড্ৰকাৰ্ৱনযুক্ত অংশ গৌণ প্ৰতিৰোধী ব্যৱস্থাৰ জৰিয়তে পৃথকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো গুৰুত্বসহকাৰে লোৱা উচিৎ। গৌণ প্ৰতিৰোধ স্থানান্তৰৰ ক্ষেত্ৰত যিমান সম্ভৱ পাৰফ’ৰেটেড জ’নৰ কাষত নিশ্চিতভাৱে স্থাপন কৰিব লাগিব। একেদৰে চিমেণ্ট প্লাগৰ স্থাপনো সদায় কেছিঙৰ থিয় অংশত হোৱা উচিৎ। প্ৰতিবেদনত অইলে কি কি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে তাৰো বিৱৰণ দিয়া হৈছে। তাৰ ভিতৰত অইলে পৰিৱেশ, স্বাস্থ্য, নিৰাপত্তা, দায়বদ্ধতামূলক পৰামৰ্শ সেৱা আদিৰ বাবে অগ্ৰণী গোলকীয় সেৱা যোগনীয়াৰ মেছাৰ্ছ ই আৰ এম ইণ্ডিয়া প্ৰাইভেট লিমিটেডক বি জি আৰ ৫ ৰ চৌপাশৰ ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰভাৱ, স্বাস্থ্য আৰু অনুমোদিত ব্যৱস্থাৰ মূল্যায়নৰ ব্যৱস্থা কৰিছে। অইলে এনাৰ্জী ৰিচাৰ্ছ ইনষ্টিটিউট (টি ই আৰ আই) ক বাঘজানৰ মাটি, পানী আদিৰ পুনৰুদ্ধাৰ ব্যৱস্থাৰ বাবে দায়িত্ব দিছে।
অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা দলক ব্ল’আউটৰ ফলত ক্ষতিগ্ৰস্ত চাহ, ফলমূল, শাকপাশলিকে ধৰি কৃষিকৰ্ম, গছ- গছনি আদিৰ মূল্যায়নৰ বাবে নিয়োজিত কৰিছে। নেইষ্টৰ চি এছ আই আৰক বাঘজান অঞ্চলৰ ভূ কম্পনৰ জৰীপ চলাবলৈ অনুৰোধ কৰিছে। ক্ষতিগ্ৰস্তৰ এককালীন সাহাৰ্য প্ৰদানৰ বাবে অইলে জিলা প্ৰশাসনৰ ওচৰত ৯ কোটি টকা জমা ৰখাৰ উপৰি ১৯৬১ টা পৰিয়ালসহ ১০ টা আশ্ৰয় শিৱিৰ পৰিচালনা কৰি থকাৰ কথা কোৱা হৈছে। সকলোবিলাক চালিজাৰি চোৱাৰ পাছত তদন্ত সমিতিয়ে জিলা প্ৰশাসনৰ ওচৰত থকা তথ্যৰ ভিত্তিত ক্ষতিগ্ৰস্তৰ শ্ৰেণী (i আৰু ii) অনুসৰি ১৫ দিনৰ ভিতৰত ২৫ আৰু ১০ লাখকৈ টকাৰ প্ৰাৰম্ভিক ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ অইলক নিৰ্দেশ দিছে। অৱশ্যে ইতিমধ্যে প্ৰদান কৰা ক্ষতিপূৰণৰ পৰিমাণ উক্ত পৰিমাণৰ পৰা বাদ পৰিব বুলিও কোৱা হৈছে।