নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল্মফেয়াৰ জ্বৰত আক্রান্ত গুৱাহাটী

কাউণ্ট ডাউন আৰম্ভ

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ বলীউডৰ তাৰকা–মহাতাৰকাৰ সমাগম ঘটিবলগীয়া ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠানৰ কাউণ্ট–ডাউন আৰম্ভ হৈছে৷ প্রথমবাৰৰ বাবে মায়ানগৰী মুম্বাইৰ বাহিৰত অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰৰ বাবে আৰম্ভ হৈছে যুদ্ধকালীন প্রস্তুতি৷ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অহা ১৫ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰৰ বাবে পৰিলক্ষিত হৈছে ব্যাপক উছাহ৷ ৰাজ্য চৰকাৰৰ সহযোগত আয়োজন কৰিবলগীয়া ফিল্মফেয়াৰৰ মঞ্চ–আলোকসজ্জা আদিৰ কাম সম্পূর্ণ কৰাত ব্যস্ত হৈ পৰিছে আয়োজক গোষ্ঠী ‘টাইমছ অৱ ইণ্ডিয়া গ্রুপ’৷ গুৱাহাটীত ইতিমধ্যে মুম্বাইৰ পৰা অহা এটা বৃহৎ দলে বাহৰ পাতিছে৷ এই দলটোৱে আগমন ঘটিবলগীয়া তাৰকা–মহাতাৰকাৰ অহা–যোৱাৰ পৰা আৰম্ভ কৰি নিশা কটোৱা, খোৱা–বোৱা সকলো দিশৰ তদাৰক আৰম্ভ কৰিছে৷ লগতে অনুষ্ঠানৰ দিনা দর্শকৰ প্রৱেশ–প্রস্থান, তাৰকাৰ অনুষ্ঠান আদি সকলো কার্য সুকলমে অনুষ্ঠিত কৰিবলৈ দিনে–নিশাই সৰুসজাইত আৰম্ভ কৰিছে কাম৷ ইতিমধ্যে আয়োজনকাৰী গোষ্ঠীটোৱে বুক মাই শ্ব’যোগে মুকলি কৰি দিছে ফিল্মফেয়াৰ অনুষ্ঠানৰ টিকট৷ প্রাপ্ত তথ্য অনুসৰি টিকট বিক্রীৰ প্রথম পর্যায় ইতিমধ্যে সম্পন্ন হৈছে৷ প্রায় ৮,০০০ দর্শকে উপভোগ কৰিব পৰা এই অনুষ্ঠানৰ প্রথম পর্যায়ত টিকট বিক্রী হৈছে প্রায় ২,৬০০৷ শীঘ্রে বুক মাই শ্ব’ আৰু ‘অ’ছম আছাম’ৰ ৱেবছাইটযোগে দ্বিতীয় পর্যায়ৰ টিকট বিক্রীৰ বাবে মুকলি কৰি দিয়া হ’ব৷ উল্লেখ্য যে বিগত বর্ষৰ তুলনাত এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰত সমাগম ঘটিব অধিক তাৰকাৰ৷ ৰাজ্য চৰকাৰৰ অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি ‘এ’ শ্রেণীৰ ২৩গৰাকী বলীউডৰ তাৰকাই ইতিমধ্যে ফিল্মফেয়াৰত যোগদান কৰিব বুলি নিশ্চিতি প্রদান কৰিছে৷ বিগত বর্ষত ফিল্মফেয়াৰত অংশগ্রহণ কৰা ‘এ’ শ্রেণীৰ তাৰকাৰ সংখ্যা আছিল ২০গৰাকী৷ পৰৱর্তী সময়ত এই সংখ্যা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ তদুপৰি ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠানত প্রদর্শিত হ’ব অসমৰ বর্ণাঢ়্য কলা–সংস্কৃতি৷ অধ্যক্ষ বৰুৱাই সদৰী কৰা অনুসৰি ফিল্মফেয়াৰত ৯–১২ মিনিটৰ এক অনুষ্ঠানত প্রদর্শন কৰা হ’ব অসমৰ কলা–সংস্কৃতি৷ লক্ষণীয় যে ফিল্মফেয়াৰৰ জৰিয়তে ৰাজ্যৰ পর্যটন খণ্ডক এক নতুন গতি প্রদানৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে৷ বলীউডৰ তাৰকা–মহাতাৰকাৰ সমাগমে পুনৰ এবাৰ বিশ্ববাসীৰ বাবে অসমক আকর্ষণৰ কেন্দ্রবিন্দু কৰি তুলিব বুলি আশা প্রকাশ কৰিছে ৰাজ্য চৰকাৰে৷ ইতিমধ্যে ফিল্মফেয়াৰৰ বাবে মুকলি কৰা প্রচাৰমূলক ভিডি’ত প্রদর্শন হৈছে অসমৰ বিভিন্ন পর্যটন ক্ষেত্রৰ লগতে কলা–সংস্কৃতি৷ বলীউডৰ তিনিগৰাকী জনপ্রিয় অভিনেতা ক্রমে বৰুণ ধাৱান, আলিয়া ভাট আৰু আয়ুস্মান খুৰানাই এই প্রচাৰমূলক ভিডি’ত অভিনয় কৰিছে৷ বিহুনৃত্য, কাজিৰঙা ৰাষ্ট্রীয় উদ্যান, মাজুলীৰ মুখাশিল্প এই ভিডি’ৰ জৰিয়তে প্রদর্শন কৰা হৈছে৷ মুঠতে উন্মাদনাৰে ভৰা ফিল্মফেয়াৰ অনুষ্ঠানত

You might also like