নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ফিল্মফেয়াৰ বেপাৰীৰ অনুষ্ঠান’- VVIP হৈয়ো ফিল্মফেয়াৰ নোচোৱাকৈ উভতা সাংসদ বিশ্বজিত্‍ দৈমাৰীৰ ক্ষোভ !

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ যেতিয়া মই ফিল্মফেয়াৰ অনুষ্ঠানলৈ গৈছিলো, মোৰ যিটো টিকট আছিল, সেয়া টাইমছ অৱ ইণ্ডিয়াৰ কৰ্মকৰ্তাসকলৰ দ্বাৰা ইচ্ছু কৰা নহয় বুলি ক’লে । তেতিয়া মই তেওঁলোকক ক’লো যে মোক এইটো টিকট দিয়ে নিমন্ত্ৰণ দিছে । কিন্তু বাৰে বাৰে মোক টিকটতো তেওঁলোকে ইচ্ছু নকৰা বিষয়েই কৈ থাকিল । গতিকে মোৰ বাবে বহা আসন নাই বুলি ভাবি তাৰ পৰা মই আতৰি আহিলো “।– ফিল্মফেয়াৰ অনুষ্ঠান চাবলৈ গৈ উভতি আহি সংবাদমাধ্যমৰ আগত এইদৰে  আয়োজকগোষ্ঠীৰ ওপৰত ক্ষোভ উজাৰিলে ৰাজ্যসভাৰ সাংসদ বিশ্বজিত্‍ দৈমাৰীয়ে ।

ইয়াৰোপৰি আয়োজকগোষ্ঠীয়ে অসমৰ মৰমত অহা নাই বুলি মন্তব্য কৰি মুম্বাইৰ পৰা  অহা আয়োজকগোষ্ঠী বেপাৰ কৰিবলৈহে অসমলৈ আহিছিল বুলিও ক্ষোভ ব্যক্ত কৰে সাংসদগৰাকীয়ে ।

উল্লেখ্য যে শনিবাৰে গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হোৱা ফিল্মফেয়াৰ অনুষ্ঠানত টিকটৰ ক্ৰমিক নম্বৰৰ বিসংগতিৰ বাবে প্ৰৱেশদ্বাৰৰ পৰা উভতি আহিবলগীয়া হৈছিল সাংসদগৰাকী ৷

You might also like