ফেচবুকত সাম্প্ৰদায়িক পোষ্ট দি গ্ৰেপ্তাৰ শিক্ষক
নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ নাৰায়নপুৰৰ এজন শিক্ষকে ফেচবুকত সাম্প্ৰদায়িক পোষ্ট দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নাৰায়নপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষকজনক। শিক্ষকজনে ফেচবুক গ্ৰুপত Bihpuria @ Gohpur constituency নামৰ গ্ৰুপটোত দিছিল সাম্প্ৰদায়িক পোষ্ট । নাৰায়নপুৰ আৰক্ষীয়ে ৫১/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰিছে। শিক্ষক জনৰ নাম প্ৰনৱজ্যোতি শৰ্মা।