নিয়মীয়া বাৰ্তা, ২৪ এপ্রিলঃ মহামাৰী ক’ৰোনাৰ সংক্রমৰ ফলত স্তব্ধ হৈ পৰিছে সমগ্র বিশ্ব ৷ মানৱ জাতি এতিয়া ভয়ংকৰ সংকটৰ গৰাহত৷ তাৰ মাজতে জাতি–ধর্মৰ ভেদাভেদ নেওচি নতুন ৰূপত প্রস্ফুটিত হৈছে মানৱতা ৷ অসমৰ এহাল দম্পতী বিগত এমাহ ধৰি পশ্চিমবংগৰ এটা মুছলমান পৰিয়ালৰ ওচৰত আশ্রয় লৈ থকাৰ বাতৰিয়ে অন্ধকাৰ দিনতো যেন সামান্য আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷ জানিব পৰা মতে, অসমৰ গোৱালপাৰাৰ মিথুন দাস নামৰ লোকজনে পত্নীসহ চিকিৎসাৰ বাবে পশ্চিমবংগলৈ গৈছিল৷ কলকাতা অভিমুখে গৈ থকা সময়তে দেশৰ লকডাউন বলৱৎ কৰা হয় আৰু আদবাটতে আবদ্ধ হৈ পৰে গোৱালপাৰাৰ মিথুন দাস আৰু তেওঁৰ পত্নী মৌমিতা দাস ৷ সংকটত পৰা দম্পতীক সহায় কৰিবলৈ আগবাঢ়ি আহে মুর্শিদাবাদ জিলাৰ বেলডাংগা অঞ্চলৰ ফাৰুক আব্দুল্লা নামৰ লোকজন ৷ কিন্তু সেই অঞ্চলটো আছিল সম্পূর্ণ সংখ্যালঘু অধ্যুষিত ৷
ফাৰুক আব্দুল্লাই মিথুন দাস আৰু তেওঁৰ পত্নীক নিজৰ ঘৰলৈ লৈ যায় আৰু আশ্রয়ৰ ব্যৱস্থা কৰে৷ এই ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় আৰক্ষীয়েও গোৱালপাৰাৰ পৰিয়ালটোলৈ সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াইছে৷ বিগত প্রায় এমাহ ধৰি পশ্চিমবংগৰ মুর্শিদাবাদৰ এটা সংখ্যালঘু পৰিয়ালৰ ওচৰত আশ্রয় গ্রহণ কৰি থকা মৌমিতা দাসে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ স্বামীৰ হূদৰোগৰ চিকিৎসাৰ বাবে কলকাতালৈ গৈ থকা অৱস্থাত ৰাস্তাত আবদ্ধ হৈ পৰে৷ স্থানীয় এজন লোকে তেওঁলোক অসমৰ বুলি জানিব পাৰি কয় যে সেই অঞ্চলৰ ফাৰুক নামৰ এজন ফেৰীৱালা ব্যৱসায়িক কামত সঘনে অসমলৈ যায়৷ স্থানীয় লোকজনে ফাৰুকৰ ফোন নম্বৰটোও অসমৰ পৰা যোৱা মিথুন আৰু মৌমিতাক দিয়ে৷ ফোনত যোগাযোগৰ পিছতে ফাৰুক আব্দুল্লা সহায়ৰ বাবে আগবাঢ়ি আহে আৰু মিথুন–মৌমিতাক নিজৰ ঘৰলৈ লৈ যায় ৷
মিথুন দাসে কয় যে ফাৰুকে তেওঁলোকৰ বাবে যি কৰিলে, সেয়া আজীৱন মনত ৰৈ যাব৷ ইফালে, অসমৰ পৰিয়ালটোক সহায়ৰ হাত আগবঢ়োৱা ফাৰুক আব্দুল্লাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ বিভিন্ন সামগ্রী বিক্রী কৰিবলৈ অসমলৈ আহে আৰু গোৱালপাৰালৈও যায়৷ সেই সূত্রে অসমৰ লগত তেওঁৰ এটা সম্পর্ক আছে৷ সেইখন জিলাৰে মৌমিতা আৰু মিথুন বিপদত পৰা বুলি শুনি ততালিকে সহায়ৰ বাবে আগবাঢ়ি আহিল৷ তেওঁলোকে যেতিয়ালৈকে ইচ্ছা কৰে, তেতিয়ালৈকে আশ্রয় প্রদান কৰাত কোনো আপত্তি নাই৷ লকডাউন শেষ হোৱাৰ পিছত মিথুন দাস আৰু তেওঁৰ পত্নীক অসমলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি ফাৰুক আব্দুল্লাই উল্লেখ কৰে ৷