নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁও আইটিআইত বিয়াগোম দুর্নীতি

তদন্তৰ দাবীতশিক্ষার্থীৰ শ্রেণীবর্জন কার্যসূচী

নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ বঙাইগাঁও আইটিআইত চৰম অৰাজকতাৰ মাজতে চৰকাৰী প্রতিষ্ঠানখনত সংঘটিত দুর্নীতিৰ তদন্তৰ দাবী জনাই ছাত্র–ছাত্রীসকলে মঙলবাৰৰ পৰা অনির্দিষ্টকালৰ বাবে শ্রেণীবর্জন কার্যসূচী ৰূপায়ণ কৰে ৷ ৰাজ্য চৰকাৰৰ শ্রম আৰু নিয়োগ বিভাগৰ অধীনস্থ প্রতিষ্ঠানখনত বিত্তীয় কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ কৰি ছাত্র একতা সভাৰ আহ্বানমর্মে শিক্ষার্থীসকলে শ্রেণীবর্জন কৰে ৷ ছাত্র একতা সভাৰ লগতে বিভিন্ন শিতানত আবণ্টিত ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ কৰিছে ছাত্র একতা সভাই ৷ প্রতিষ্ঠানখনৰ গাণনিক শংকৰ নাথ আৰু অধ্যক্ষ ৰাজু গোপালৰ বিৰুদ্ধে দুর্নীতি সংঘটিত কৰাৰ অভিযোগ কৰি তদন্ত আৰম্ভ  নকৰালৈ শ্রেণীবর্জন কার্যসূচী অব্যাহত থাকিব বুলি জানিবলৈ দিছে ৷ প্রতিবাদী ছাত্র – ছাত্রীসকলৰ অভিযোগ যে প্রতিষ্ঠানখনত নাম ভর্তিৰ সময়ত নীতিবহির্ভূতভাৱে অতিৰিক্ত ধন লোৱাৰ লগতে সমুদায় ধনৰ ৰছিদ পর্যন্ত আদায় দিয়া হোৱা নাই ৷ ইফালে চৰকাৰী প্রতিষ্ঠানখনত শিক্ষার্থীসকলৰ প্রয়োজনীয় সা সঁজুলিও যোগান ধৰিবলৈ সক্ষম হোৱা নাই ৷ হোষ্টেলসমূহৰ অৱস্থাও জৰাজির্ণ ৰূপ ধাৰণ কৰাৰ লগতে গার্লছ হোষ্টেলটো অধ্যক্ষ থকাৰ ফলত ছাত্রীসকলে প্রতিষ্ঠানখনৰ বাহিৰত থাকিবলগীয়া হৈছে ৷ প্রতিষ্ঠানখনত বিশুদ্ধ খোৱা পানীকে আদি কৰি বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ৷ ইফালে প্রতিষ্ঠানখনত সংঘটিত অনিয়ম দুর্নীতিৰ তদন্তৰ দাবী জনাই আহিলেও কর্তৃপক্ষই গুৰুত্ব প্রদান নকৰাত ক্ষুব্ধ হৈ পৰিছে ছাত্র ছাত্রীসকল ৷ ইফালে প্রতিবাদী কার্যসূচীৰ পৰা ছাত্র –ছাত্রীসকলক আতৰাই ৰখাৰ বাবে অধ্যক্ষই বিভিন্ন ভয়–ভাবুকি প্রমর্শনৰ অভিযোগ উত্থাপিত হৈছে ৷

You might also like