বজালী–বঙাইগাঁও–ধেমাজী–শোণিতপুৰ–বিশ্বনাথ নতুন উপায়ুক্ত
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ৰাজ্য প্রশাসনৰ শীর্ষ পর্যায়ত ব্যাপক ৰদ–বদল ঘটোৱা হৈছে৷ এই সন্দর্ভত গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰিছে কর্মচাৰী বিভাগে৷ সেই নির্দেশনা অনুসৰি সমবায়, ক্রীড়া–যুৱ কল্যাণ, সাংস্কৃতিক পৰিক্রমা আৰু পর্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দাৰ সিঙক সাংস্কৃতিক পৰিক্রমা বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ একেদৰে জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ আৰু তথ্য–প্রযুক্তি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ছয়েদিন আব্বাছিক অব্যাহতি দিয়া হৈছে তথ্য–প্রযুক্তি বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা৷ হস্ততাঁত–বস্ত্রশিল্প আৰু সংখ্যালঘু কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব শ্রী বিজেয়েন্দ্রক তথা আছাম এডমিনিষ্ট্রেটিভ ট্রিবিউনেলৰ অধ্যক্ষ পদলৈ বদলি কৰাৰ লগতে তেওঁক অতিৰিক্তভাৱে ব’ৰ্ড অৱ ৰেভিনিউ, অসমৰ অধ্যক্ষৰো দায়িত্ব দিয়া হৈছে৷ পার্বত্য অঞ্চল, খাদ্য–সামৰিক যোগান–গ্রাহক পৰিক্রমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা অসম খাদ্য–সামৰিক যোগান নিগমৰ পৰিচালন সঞ্চালক বিশ্বৰঞ্জন ছামালক অসম খাদ্য–সামাৰিক যোগান নিগমৰ পৰিচালন সঞ্চালক পদৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ অৱশ্যে তেওঁক নতুনকৈ অতিৰিক্ত দায়িত্ব অর্পণ কৰিছে সংসদীয় পৰিক্রমা বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ৷
ৰাজহ–দুর্যোগ ব্যৱস্থাপনা, সাধাৰণ প্রশাসন বিভাগৰ প্রধান সচিব তথা নতুন দিল্লীস্থিত অসম ভৱনৰ অতিৰিক্ত প্রধান আৱাসিক আয়ুক্ত পুৰুষোত্তম দাস যোশীক ৰাজহ–দুর্যোগ প্রশমন বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ কিন্তু তেওঁক এইবাৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰা হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিবৰ৷ গৃহ–ৰাজনৈতিক, শক্তি (ই), সংসদীয় পৰিক্রমা, কর্মচাৰী আৰু তথ্য–জনসংযোগ বিভাগৰ প্রধান সচিব তথা নতুন দিল্লীস্থিত অসম ভৱনৰ অতিৰিক্ত প্রধান আৱাসিক আয়ুক্ত নিৰজ বার্মাক সংসদীয় পৰিক্রমা আৰু তথ্য–জনসংযোগ বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ প্রশাসনীয় সংস্কাৰ–প্রশিক্ষণ বিভাগৰ প্রধান সচিব তথা ব’ড অৱ ৰেভিনিউ, অসমৰ অর্চনা বার্মাক ব’ৰ্ড অৱ ৰেভিনিউ, অসমৰ অধ্যক্ষৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহিত দিয়া হৈছে৷
আবকাৰী, জলসিঞ্চন, ভূমি সংৰক্ষণ আৰু হাউছিং এণ্ড আৰবান এফেয়ার্ছ বিভাগৰ প্রধান সচিব তথা এছএলএনএ, ডব্লিউডিচি–পিএমকেএ অধ্যক্ষ ৰাজেশ প্রসাদক অব্যাহতি দিয়া হৈছে হাউছিং এণ্ড আৰবান এফেয়ার্ছ বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা৷ প্রাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা বিভাগৰ প্রধান সচিব তথা চতুর্থ শ্রেণীৰ বাবে ৰাজ্যিক পর্যায়ৰ নিয়োগ আয়োগৰ অধ্যক্ষ বি কল্যাণ চক্রৱর্তীক শ্রমিক কল্যাণ আৰু দক্ষতা–নিয়োগ–উদ্যম্ বিভাগলৈ বদলি কৰা হৈছে৷ পঞ্চায়ত–গ্রামোন্নয়, শ্রমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণ বিভাগৰ প্রধান সচিব ড০ জে বি এক্কাক শ্রমিক কল্যাণ বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহিত দিয়া হৈছে৷ বড়োলেণ্ড কল্যাণ বিভাগ আৰু স্বাস্থ্য–পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেলক স্বাস্থ্য–পৰিয়াল কল্যাণ বিভাগৰ পৰা অব্যাহতি দি নতুনকৈ তেওঁক দিয়া হৈছে তথ্য–প্রযুক্তি বিভাগৰ দায়িত্ব৷ পৰিৱেশ–বন, সীমান্ত সুৰক্ষা–উন্নয়ন, অসম চুক্তি ৰূপায়ণ আৰু বিজ্ঞান–প্রযুক্তিবিদ্যা বিভাগৰ আয়ুক্ত সচিব তথা অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ মুখ্য কার্যবাহী বিষয়া আৰু ভূমিলেখ্য বিভাগৰ সঞ্চালক জ্ঞানেন্দ্র দেৱ ত্রিপাঠীক একেই পদমর্যাদাৰে ৰাজহ–দুর্যোগ প্রশমন বিভাগলৈ বদলি কৰা হৈছে৷ তেওঁ একে সময়তে সীমান্ত সুৰক্ষা–উন্নয়ন বিভাগৰ প্রধান সচিব আৰু অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ মুখ্য কার্যবাহী বিষয়াৰ দায়িত্বও পালন কৰিব৷ প্রশানীয় সংস্কাৰ–প্রশিক্ষণ, পেন্সন–ৰাজহুৱা অভিযোগ আৰু সংসদীয় পৰিক্রমা বিভাগৰ আয়ুক্ত সচিব তথা বৰাক উপত্যকা সংমণ্ডলৰ আয়ুক্ত শান্তনু পি গোটমাৰেক অব্যাহতি দিয়া হৈছে সংসদীয় পৰিক্রমা বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা৷ নতুনকৈ তেওঁক ভূমিলেখ্য বিভাগৰ সঞ্চালক পদৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে৷ সাধাৰণ প্রশাসন আৰু গৃহ–ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননক গৃহ–ৰাজনৈতিক বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ তেওঁক নতুনকৈ দিয়া হৈছে উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ উপৰি ছিটাৰ মুখ্য কার্যবাহী বিষয়া আৰু উজনি অসম সংমণ্ডলৰ আয়ুক্তৰ দায়িত্ব৷ বিত্ত বিভাগৰ আয়ুক্ত সচিব, নামনি অসম সংমণ্ডলৰ আয়ুক্ত আৰু চতুর্থ শ্রেণীৰ পদৰ বাবে ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগৰ সদস্য জয়ন্ত নার্লিকাৰক ক্রীড়া–যুৱ কল্যাণ আৰু তথ্য–প্রযুক্তি বিভাগৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰা হৈছে৷
স্বাস্থ্য–পৰিয়াল কল্যাণ, ক্রীড়া–যুৱ কল্যাণ বিভাগৰ আয়ুক্ত সচিব তথা উজনি অসম সংমণ্ডলৰ আয়ুক্ত আৰু অটল অমৃত অভিযানৰ পৰিচালন সঞ্চালক সিদ্ধার্থ সিঙক চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব, জাইকাৰ সাহায্যপ্রাপ্ত গুৱাহাটী পানী যোগান প্রকল্প আৰু আছাম হেল্থ ছিষ্টেম ষ্ট্রেংথেনিং প্রকল্পৰ প্রকল্প সঞ্চালকৰ দায়িত্ব দিয়া হৈছে৷ তেওঁক অব্যাহতি দিয়া হৈছে ক্রীড়া–যুৱ কল্যাণ বিভাগৰ আয়ুক্ত সচিব আৰু উজনি অসম সংমণ্ডলৰ আয়ুক্তৰ দায়িত্বৰ পৰা৷ হাউছিং–আৰবান এফেয়ার্ছ আৰু জলসিঞ্চন বিভাগৰ আয়ুক্ত সচিব তথা তৃতীয় শ্রেণীৰ পদৰ বাবে ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগৰ সদস্য কবিতা পদ্মনাভনক জলসিঞ্চন বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ অনুৰূপ ধৰণে সংখ্যালঘু কল্যাণ আৰু হস্ততাঁত–বস্ত্রশিল্প বিভাগৰ সচিব তথা ষ্টেট এনকুৱেৰী অফিচাৰ আতিকা চুলতানাক হস্ততাঁত–বস্ত্রশিল্ ৰেচম বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ উচ্চ শিক্ষা বিভাগৰ সচিব আৰু ৰুছাৰ পৰিচালন সঞ্চালক ড০ দীপক মজুমদাৰক চৰকাৰী ভাষা ৰূপায়ণৰ সঞ্চালক পদৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰা হৈছে৷ বিত্ত বিভাগৰ সচিব লয়া মাধুৰীক দিয়া হৈছে সাংস্কৃতিক পৰিক্রমা আৰু বিজ্ঞান–প্রযুক্তিবিদ্যা বিভাগৰ অতিৰিক্ত দায়িত্ব৷ পশুপালন–পশু চিকিৎসা আৰু ভূমি সংৰক্ষণ বিভাগৰ সচিব অভিজিৎ বৰুৱাক ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দি নতুনকৈ ফুড ছেফটী এণ্ড ড্রাগ্ছ এডমিনিষ্ট্রেচন, অসমৰ আয়ুক্ত পদত অধিষ্ঠিত কৰা হৈছে৷
বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীক মাধ্যমিক শিক্ষা বিভাগৰ সচিব পদলৈ বদলি কৰা হৈছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক লক্ষ্মণন এছক বদলি কৰা হৈছে উদ্যোগ–বাণিজ্য, খনি–খনিজাত সম্পদ বিভাগ আৰু মুখ্যমন্ত্রীৰ সচিবালয়ৰ সচিব পদলৈ৷ পৰিবহণ বিভাগৰ আয়ুক্ত অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন ছ’চাইটীৰ ৰাজ্যিক প্রকল্প সঞ্চালক, এ আই ডি চিৰ পৰিচালন সঞ্চালক আৰু অসম দক্ষতা বিকাশ অভিযানৰ অভিযান সঞ্চালক আদিল খানক অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন ছ’চাইটীৰ ৰাজ্যিক প্রকল্প সঞ্চালকৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ নতুন নির্দেশনা মতে, খানে পৰিবহণ আৰু সংখ্যালঘু কল্যাণ বিভাগৰ সচিব পদৰো দায়িত্ব পালন কৰিব৷ উদ্যোগ–বাণিজ্য বিভাগৰ সচিব মানৱেন্দ্র প্রতাপ সিঙক এক্ট ইষ্ট পলিচী এফেয়ার্ছ বিভাগলৈ বদলি কৰা হৈছে৷ লগতে তেওঁক অতিৰিক্তভাৱে দিয়া হৈছে এ আই ডি চিৰ পৰিচালন সঞ্চালকৰ দায়িত্ব৷
উদ্যোগ–বাণিজ্য বিভাগৰ আয়ুক্ত আৰু পশুপালন–পশু চিকিৎসা বিভাগৰ সচিব ঐনাম চৰণ কুমাৰ সিঙক পশুপালন–পশু চিকিৎসা বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহিত দিয়া হৈছে৷ গুৱাহাটী স্মার্ট চিটী লিমিটেডৰ পৰিচালন সঞ্চালক ঘনশ্যাম দাসক বদলি কৰা হৈছে কর্মচাৰী বিভাগৰ সচিব পদলৈ৷ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই অতিৰিক্তভাৱে গুৱাহাটী স্মার্ট চিটী লিমিটেডৰ পৰিচালন সঞ্চালকৰ দায়িত্ব পালন কৰিব৷ কর্মচাৰী, খিলঞ্জীয়া–জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক পৰিক্রমা বিভাগৰ সচিব সীমাৰেখা ভূঞাক কর্মচাৰী বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ খাদ্য–সামৰিক যোগান–গ্রাহক পৰিক্রমা আৰু এক্ট ইষ্ট পলিচী এফেয়ার্ছ বিভাগৰ সচিব দেৱজ্যোতি দত্তক এক্ট ইষ্ট পলিচী এফেয়ার্ছ বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ নতুনকৈ তেওঁক অতিৰিক্তভাৱে অর্পণ কৰা হৈছে অসম চুক্তি ৰূপায়ণ বিভাগৰ সচিবৰ দায়িত্ব৷ বিত্ত বিভাগৰ সচিব দিলীপ কুমাৰ বৰাক অতিৰিক্তভাৱে হস্ততাঁত–বস্ত্রশিল্প বিভাগৰো দায়িত্ব দিয়া হৈছে৷ প্রাথমিক শিক্ষা বিভাগৰ সচিব শেৱালি দেৱী শর্মাক একে পদমর্যাদাৰে বদলি কৰা হৈছে কৃষি বিভাগলৈ৷ বঙাইগাঁৱৰ উপায়ুক্ত ড০ এম এছ লক্ষ্মীপ্রিয়াক ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক পদলৈ বদলি কৰাৰ লগতে অতিৰিক্তভাৱে তেওঁক স্বাস্থ্য–পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিবৰো দায়িত্ব দিয়া হৈছে৷ ধেমাজি জিলাৰ উপায়ুক্ত পি বিজয়া ভাস্কৰ ৰেড্ডীক ৰাজহ–দুর্যোগ প্রশমন বিভাগৰ যুটীয়া সচিব পদলৈ বদলি কৰাৰ লগতে তেওঁক অতিৰিক্তভাৱে দিয়া হৈছে অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ যুটীয়া মুখ্য কার্যবাহী বিষয়াৰ দায়িত্বও৷ অসম দক্ষতা বিকাশ অভিযানৰ অভিযান সঞ্চালক অংকুৰ জৈনে অতিৰিক্তভাৱে অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন ছ’চাইটীৰ ৰাজ্যিক প্রকল্প সঞ্চালকৰো দায়িত্ব প্রদান কৰিব৷ বৰপেটাৰ জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাসক অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ পৰিচালন সঞ্চালক পদলৈ বদলি কৰা হৈছে৷
বজালীৰ নতুন উপায়ুক্ত পর্যটন বিভাগৰ যুটীয়া সচিব তথা ৰাজ্যিক মহিলা আয়োগৰ সদস্য সচিব কাবেৰী বৰকাকতি৷ সেইদৰে বঙাইগাঁৱৰ উপায়ুক্তৰ দায়িত্ব দিয়া হৈছে মুখ্যমন্ত্রীৰ সচিবালয়ৰ যুটীয়া সচিব নৱদীপ পাঠকক৷ শোণিতপুৰৰ উপায়ুক্ত ভূপেশ দাসক ট্রেন্সফৰমেচন এণ্ড ডেভেলপমেণ্ট বিভাগৰ যুটীয়া সচিব পদলৈ বদলি কৰা হৈছে৷ জি এম ডি এৰ মুখ্য কার্যবাহী বিষয়া কৌছাৰ জমিল হিলালিক অতিৰিক্তভাৱে সংখ্যালঘু কল্যাণ বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব দিয়া হৈছে৷ ভৈয়াম জনজাতি–পিছপৰা শ্রেণী কল্যাণ বিভাগৰ সচিব বিনীতা পেগুক অতিৰিক্তভাৱে পৰিৱেশ আৰু বন বিভাগৰ লগতে ষ্টেট এনকুৱেৰী অফিচাৰ আৰু অভিলেখাগাৰ সঞ্চালকৰ দায়িত্বও অর্পণ কৰা হৈছে৷ অৱসৰপ্রাপ্ত আই এ এছ বিষয়া প্রীতম শইকীয়া হ’ব চতুর্থ শ্রেণীৰ পদৰ বাবে ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষ৷ শইকীয়াক শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত পদৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ প্রধান মুখ্য বন সংৰক্ষক (বন্যপ্রাণী), চীফ ৱাইল্ড লাইফ ৱার্ডেন আৰু আমট্র’নৰ পৰিচালন সঞ্চালক এম কে যাদৱক আমট্র’নৰ পৰিচালন সঞ্চালকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ উপ–বন সংৰক্ষক (এছ এফ) আৰু বিত্ত বিভাগৰ বিশেষ কর্তব্যৰত বিষয়া এছ সুন্দৰক অতিৰিক্তভাৱে দিয়া হৈছে আমট্র’নৰ পৰিচালন সঞ্চালকৰ দায়িত্ব৷ প্রাথমিক শিক্ষা বিভাগৰ সচিব–সঞ্চালক আৰু চতুর্থ শ্রেণীৰ পদৰ বাবে ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগৰ সদস্য ড০ বিজয়া চৌধুৰীক প্রাথমিক শিক্ষা সঞ্চালকৰ পদৰ পৰা অব্যাহতি দিয়া হৈছে৷ মাধ্যমিক শিক্ষা বিভাগৰ উপ–সচিব সুৰঞ্জনা সেনাপতিক অতিৰিক্তভাৱে দিয়া হৈছে প্রাথমিক শিক্ষা সঞ্চালকৰ দায়িত্ব৷ বিশ্বনাথৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্রক একে পদমর্যাদাৰে শোণিতপুৰলৈ বদলি কৰা হৈছে৷ স্বাস্থ্য–পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব তথা স্বাস্থ্য সেৱা সঞ্চালক মুনিন্দ্র নাথ নাগটেক বদলি কৰা হৈছে বিশ্বনাথৰ উপায়ুক্ত হিচাপে৷ স্বাস্থ্য–পৰিয়াল কল্যাণ আৰু কর্মচাৰী বিভাগৰ উপ–সচিব তথা চতুর্থ শ্রেণীৰ পদৰ বাবে ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগৰ সচিব কমলজিৎ তালুকদাৰক স্বাস্থ্য সেৱা সঞ্চালক (পৰিয়াল কল্যাণ)ৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে৷ গৃহ–ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব অসীম কুমাৰ ভট্টাচার্য হ’ব ধেমাজিৰ নতুন উপায়ুক্ত৷ হাউছিং এণ্ড আৰবান এফেয়ার্ছ বিভাগৰ যুটীয়া সচিব অনামিকা তিৱাৰীক শ্রম আয়ুক্ত পদলৈ বদলি কৰা হৈছে৷ মুখ্য বন সংৰক্ষক আৰু এছ বি এমৰ বিশেষ কর্তব্যৰত বিষয়া সোণালী ঘোষক নতুন দিল্লীস্থিত অসম ভৱনৰ সহকাৰী প্রধান আৱাসিক আয়ুক্তৰো দায়িত্ব দিয়া হৈছে৷ সমাজ কল্যাণ বিভাগৰ সচিব প্রার্থপ্রতিম মজুমদাৰক বদলি কৰা হৈছে সমবায় সমিতিসমূহৰ পঞ্জীয়ক পদলৈ৷