নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্ৰৱাত প্ৰাক্তন সৈনিকৰ আৱন্টিত ভূমিত বেদখলঃ নিৰ্বিকাৰ প্ৰশাসন

নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ বটদ্ৰৱাত আজিও বেদখল মুক্ত নহল চৰকাৰী ভূমি । ১৯৮৮ চনতে ৪৪ জন প্ৰক্তন সৈনিকৰ নামত চৰকাৰে আবন্টন দিছিল ২৬৪ বিঘা ভূমি । ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱা মৌজাৰ লালুং গাঁও কিচামতৰ ৩৫৪ নং গ্ৰেজিং দাগৰ ২৬৪ বিঘা মাটি এই ৪৪ জন প্ৰাক্তন সৈনিকৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিছিল আবন্টন । কিন্তু আজিকোপতি অসম চৰকাৰে এই সকলক বীৰ জোৱানক চমজাই দিবলৈ সক্ষম নহল উক্ত ভূমি। বুধবাৰে এই সকল প্ৰক্তন সেনা জোৱান সকলৰ ভূমি উদ্ধাৰৰ বাবে বটদ্ৰৱাত উপস্থিত হ’ল প্ৰবজন বিৰোধী মঞ্চৰ আহ্বায়ক অধিবক্তা উপমন্যু হাজৰিকাৰ লগতে আন সদস্য । বেদখলীকৃত ভূমি পৰিদৰ্শন কৰি চৰকাৰক কঠোৰ সমালোচনা কৰে হাজৰিকাই । তাৰ পিছত প্ৰাক্তন সেনা জোৱান সকলক লগত লৈ উপস্থিত হ’ল বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ কপাহেৰা স্থিত বাসগৃহত । বিধায়িকা গৰাকী বাসগৃহত নাছিল যদিও গৃহৰক্ষী জোৱানৰ সন্মুখতে ক্ষোভ উজাৰিলে প্ৰাক্তন সেনা সকলে । আবণ্টিত ভূমি যদি চমজি নাপায় তেন্তে আগন্তুক নিৰ্বাচনত উচিত শিক্ষা দিয়াৰ হুংকাৰ প্ৰদান কৰে প্ৰাক্তন সেনা জোৱান সকলে । উল্লেখ্য যে শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থানৰ নাতিদূৰত থকা ভোমোৰাগুৰি লালুংগাঁৱৰ প্ৰাক্তন সৈনিকৰ নামত আবন্টিত গ্ৰেজিং ৰিজাৰ্ভ বৰ্তমান সন্দেহযুক্ত বেদখলকাৰীৰ কৱলত। প্ৰশাসনৰ নিৰ্লিপ্ততাত এটাৰ পাছত এটাকৈ ঘৰ সাজি নতুনকৈ গাওঁ পাতিছে এই সকল বেদখলকাৰীয়ে। দিনে নিশাই ভূমি বেদখলৰ লগতে ভূমি খনন কাৰ্য্য চলাই গৈছে সন্দেহযুক্ত বেদখলকাৰীয়ে । আনকি প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী খান্দি ৰাজহুৱা সম্পত্তি বিনষ্ট কৰিছে । দীৰ্ঘদিনে চৰকাৰী কাৰ্যালয় আৰু ৰাজনৈতিক নেতাৰ দুৱাৰে দুৱাৰে বাট কুৰি বাই থকা এই সকল প্ৰক্তন সেনা জোৱান সকলক আবণ্টিত ভূমি উচ্ছেদ কৰি চমজাবলৈ সক্ষম হবনে ? সেইয়া সময়তহে লক্ষণীয় হ’ব ।

You might also like