বন্দ্যা ইণ্টাৰনেচনেল স্কুলত আৰম্ভ নামভর্তি
নিয়মীয়া বাৰ্তা,২০ আগষ্ট: অসম তথা উত্তৰ–পূর্বাঞ্চলৰ শৈক্ষিক ক্ষেত্রখনত সংযোজিত হ’ল এক অভিলাষী অধ্যায়৷ গুণগত মানেৰে সমৃদ্ধ এখন অত্যাধুনিক শিক্ষানুষ্ঠান বন্দ্যা ইণ্টাৰনেচনেল স্কুলত আৰম্ভ হ’ল নামভর্তি প্রক্রিয়া৷ আমিনগাঁৱত স্থাপন কৰা অত্যাধুনিক সকলো সা–সুবিধাৰে সমৃদ্ধ বন্দ্যা ইণ্টাৰনেচনেল স্কুলৰ প্রছপেক্টাছ আৰু লগ’ শুকুৰবাৰে মুকলি কৰা হয়৷ বিদ্যালয় চৌহদৰ এটা প্রেক্ষাগৃহত আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষ আৰু প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা আৰু জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই প্রছপেক্টাছ আৰু লগ’ আনুষ্ঠানিকভাৱে মুকলি কৰে৷ দেশৰ আগশাৰীৰ বিদ্যালয়সমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ তথা বর্তমানৰ পৰিস্থিতিত শিক্ষার্থীসকলক নিজৰ ভৰিত নিজে থিয় দিব পৰাকৈ প্রস্তুত কৰিবলৈ সকলো সা–সুবিধা আৰু পাঠ্যক্রমেৰে বন্দ্যা ইণ্টাৰনেচনেল স্কুলক সমৃদ্ধ কৰা হৈছে৷
ৰাষ্ট্রীয় শিক্ষা নীতিৰ আধাৰত শিক্ষা প্রদান কৰিবলগীয়া বিদ্যালয়খনত শিক্ষার্থীৰ সম্পূর্ণ সামগ্রিক বিকাশৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰা হ’ব৷ ইয়াৰ বাবে বিভিন্ন গৱেষণা আৰু অধ্যয়নৰ জৰিয়তে পাঠ্যক্রম প্রস্তুত কৰি উলিওৱা হৈছে৷ বন্তি প্রজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠনটোক শংখধ্বনি আৰু মংগল ধ্বনিৰে অধিক গাম্ভীর্যপূর্ণ কৰি তোলা হয়৷ কালি নামভর্তি মুকলি অনুষ্ঠানত উপস্থিত থাকি অধ্যক্ষ ৰিণিকি ভূঞা শর্মাই ভৱিষ্যতে বন্দ্যা ইণ্টাৰনেচনেল স্কুলক কিদৰে গঢ়ি তুলিব বিচৰা হৈছে অথবা শিক্ষার্থীসকলক জীৱনৰ সৈতে মুখামুখি হ’বলৈ প্রতিটো ক্ষেত্রত পাৰদর্শী কৰি তুলিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্রহণ কৰা হ’ব, সেই সন্দর্ভত বিশদ ব্যাখ্যা আগবঢ়ায়৷ এই প্রসংগতে তেওঁ কয়– ‘জন্মাষ্টমীৰ আজিৰ এই পৱিত্র দিনতে শিক্ষাৰ ক্ষেত্রখনত আমি এক নতুন যাত্রা আৰম্ভ কৰিছোঁ৷ আমাৰ বিদ্যালয়ৰ প্রতিষ্ঠাপক ড০ হিমন্ত বিশ্ব শর্মা বন্দ্যা ইণ্টাৰনেচনেল স্কুল স্থাপনৰ ক্ষেত্রত এটা দৃষ্টিভংগীৰে আগবাঢ়িছিল৷ আমি এনে এটা শিক্ষা দিব বিচৰা নাই, যি শিক্ষা কেৱল পাঠ্যক্রমৰ ভিত্তিত প্রদান কৰা হয়৷ বৰঞ্চ বর্তমানৰ ব্যৱস্থাক স্থানান্তৰিত কৰি আমি এনে এটা শিক্ষা দিব বিচাৰিছোঁ যে এটি শিশুৱে বৃহৎ পৃথিৱীখনৰ সন্মুখীন হ’বলৈ মানসিকতাৰ বিকাশ ঘটাৰ প্রাথমিক স্তৰত কি শিকা উচিত, কেনেদৰে আগবঢ়া উচিত৷ আমি আত্মনিৰীক্ষণ আৰু গৱেষণাৰ জৰিয়তে বন্দ্যা ইণ্টাৰনেচনেল স্কুলক এনে এটা অৱস্থালৈ নিব বিচাৰিছোঁ, আমি এনেধৰণৰ শিক্ষা ব্যৱস্থা গঢ়ি তুলিব বিচাৰিছোঁ৷ অৱশ্যে শিক্ষা এটা অবিৰত প্রক্রিয়া৷ এয়া কেতিয়াও অন্ত নপৰা এটা প্রক্রিয়া৷ মৃত্যুপর্যন্ত আমি জ্ঞান আহৰণ কৰোঁ৷ জীৱনৰ প্রতি মুহূর্তত আমি শিকি যাওঁ৷ বন্দ্যা ইণ্টাৰনেচনেল স্কুল ইয়াৰ উদাহৰণ হওক৷ আমাৰ প্রতিষ্ঠাপক ড০ হিমন্ত বিশ্ব শর্মাই বিশ্বাস কৰি আহিছে যে আমি এনেধৰণে আৰম্ভ কৰা উচিত, যাতে প্রতিজন শিক্ষার্থী নিজৰ শিপাক লৈ গৌৰৱান্বিত হ’ব পাৰে৷ আমি গৌৰৱান্বিত হ’ব লাগিব যে আমি অসমৰ৷’ গুণগত মানৰ শিক্ষা বিচাৰি ৰাজ্যৰ শিক্ষার্থী বাহিৰলৈ যাবলগীয়া হোৱা সন্দর্ভত উদ্বিগ্ণতা প্রকাশ কৰি তেওঁ কয় যে ভাল স্কুল বিচাৰি অসমৰ শিক্ষার্থী বাহিৰলৈ কিয় যায়? কাৰণ প্রত্যেকে বিচাৰে যে তেওঁলোকৰ সন্তানে শ্রেষ্ঠ শিক্ষা লাভ কৰক৷ তেওঁলোকৰ সন্তানে কথা ক’বলৈ শিকক, নিজৰ ভৰিত থিয় হ’বলৈ শিকক৷ বন্দ্যা ইণ্টাৰনেচনেল স্কুলৰ দৃষ্টিভংগী এয়ে যে শিক্ষা, ক্রীড়া সকলোতে শিক্ষার্থীয়ে শ্রেষ্ঠতা অর্জন কৰক৷ বন্দ্যা ইণ্টাৰনেচনেল স্কুল স্থাপনৰ পূর্বে কিদৰে গৱেষণা কৰিবলগীয়া হৈছিল, সেই সন্দর্ভত উল্লেখ কৰি তেওঁ কয়– গৱেষণাৰ ভিত্তিত স্থাপন কৰা আমাৰ স্কুলখনেই প্রথম বুলি ক’বলৈ পাই মই গৌৰৱান্বিত৷ আমাৰ প্রতিষ্ঠাপক ড০ হিমন্ত বিশ্ব শর্মা আৰু মই সঁচা অর্থত শিক্ষাবিদ নহয়৷ সেইবাবে আমি দেশৰ আটাইতকৈ মেধাৱী ব্যক্তিসকলক বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিলোঁ৷ সেইসকল মেধাৱী ব্যক্তিক, যিসকলে আমাক নেতৃত্ব দিব পাৰে, যিসকলে আমাৰ সপোনক বাস্তৱ কৰিব পাৰে৷ আজিৰ পৰা আমি এক যাত্রা আৰম্ভ কৰিছোঁ৷ আগন্তুক সময়ত ভাৰতৰ সর্বশ্রেষ্ঠ স্কুলসমূহৰ সৈতে সুস্থ প্রতিযোগিতাত অৱতীর্ণ হোৱাটো আমাৰ লক্ষ্য৷ সর্বশ্রেষ্ঠ বিদ্যালয়ৰ সৈতে আমাৰ প্রতিযোগিতা হ’ব৷ অসমত প্রথমবাৰৰ বাবে আমাৰ এটা গৱেষণালব্ধ বিদ্বান টীম আছে৷ যিসকলে ভাৰতৰ বৃহৎ বিদ্যালয়সমূহক অনুসৰণ কৰি গৱেষণাভিত্তিক পাঠ্যক্রম প্রস্তুত কৰিছে৷ এপ্রিলৰ পৰা বন্দ্যা ইণ্টাৰনেচনেল স্কুলৰ আমি গৱেষণাভিত্তিক অধ্যয়ন কৰি আছোঁ৷ কিদৰে আটাইতকৈ মেধাৱী আৰু শ্রেষ্ঠ শিক্ষার্থী সৃষ্টি কৰিব পাৰোঁ৷ শিক্ষাৰ ক্ষেত্রত এয়া আমাৰ নতুন যাত্রা৷ আজিৰ অনুষ্ঠানতে বিদ্যালয়খনক নেতৃত্ব দিবলগীয়া অধ্যক্ষ ড০ ম’না খান্না আৰু শৈক্ষিক প্রধান ড০ নিশান্ত প্রকাশক অনুষ্ঠানত উপস্থিত অভিভাৱক, শিক্ষার্থী আৰু অতিথিসকলৰ সন্মুখত তেওঁ চিনাকি কৰি দিয়ে৷ ইফালে, অনুষ্ঠানত ভাষণ প্রদান কৰি অধ্যক্ষ ড০ ম’না খান্নাই বিদ্যালয়খনত উপলব্ধ হ’বলগীয়া সা–সুবিধা, শিক্ষা ব্যৱস্থা আদি সন্দর্ভত বিশদ বিৱৰণ আগবঢ়ায়৷ এই সন্দর্ভতে তেওঁ কয় যে বিদ্যালয়খনৰ প্রতিটো চুক–কোণতে শিক্ষার্থীসকলে শিক্ষা লাভ কৰাৰ সুযোগ লাভ কৰিব৷ তদুপৰি অটল থিংকিং লেবৰেটৰী, হোম ছায়েন্স লেবৰেটৰী, আর্ট ৰুম, কম্প’জিট ছায়েন্স লেবৰেটৰী, থীমবেছ ক্লাছৰুম, গ্রাফিকছ লেব, আইটি লেব আদিৰ জৰিয়তে শিক্ষার্থীসকল কিদৰে লাভান্বিত হ’ব পাৰিব, সেই সন্দর্ভত তেওঁ ব্যাখ্যা কৰে৷ তদুপৰি শিক্ষার্থীসকলে শ্বুটিং, স্কেটিং, ক্রিকেট, সাঁতোৰ, বেডমিণ্টন আদিৰ দৰে বিভিন্ন ক্রীড়াৰ প্রশিক্ষণ বিদ্যালয় চৌহদতে গ্রহণ কৰিব পাৰিব বুলি তেওঁ কয়৷ তদুপৰি স্বাস্থ্য শিক্ষা, মানসিক দ্বন্দ্ব সমাধান, আধ্যাত্মিক শিক্ষা আদিও প্রদানৰ জৰিয়তে এটি শিশুক সম্পূর্ণভাৱে সামগ্রিক শিক্ষাৰে সামৰি লোৱা হ’ব বুলিও ড০ খান্নাই জানিবলৈ দিয়ে৷ এই অনুষ্ঠানত ভাষণ প্রদান কৰি শৈক্ষিক প্রধান ড০ নিশান্ত প্রকাশে এই শিক্ষানুষ্ঠানখন গঢ়ি তোলাৰ ক্ষেত্রত কিদৰে তেওঁলোক আগবাঢ়িছে, সেই সন্দর্ভত উল্লেখ কৰে৷ অনুষ্ঠানত জনপ্রিয় অভিনেত্রী আইমী বৰুৱাই এটা অডিঅ’ ভিজুৱেল মুকলি কৰে৷ প্রশাসনীয় সঞ্চালক ঋষিকেশ সিঙে অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়ায়৷
অনুষ্ঠানত উপস্থিত থকা জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে আজিৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই তেওঁ অত্যন্ত সুখী৷ বিদ্যালয়ে মানুহক শিক্ষা দিয়ে আৰু ভৱিষ্যৎ গঢ়ে বুলি উল্লেখ কৰি হাজৰিকাই কয়– ‘আমি কিমান দিনলৈ শুনিম যে অসমৰ শিক্ষা ব্যৱস্থা দেশৰ আন প্রান্ততকৈ ভাল নহয়৷ গুণগত শিক্ষা প্রদানৰ ব্যৱস্থা নথকা বাবে আমাৰ ল’ৰা–ছোৱালীক বাহিৰলৈ প্রেৰণ কৰিবলগীয়া হয়৷ এনেধৰণৰ শিক্ষানুষ্ঠানে এই অভাৱ পূৰণ কৰিব৷’ মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্ত অনুষ্ঠানত উপস্থিত থাকি কয়– ‘আমাৰ ল’ৰা–ছোৱালীৰ বাবে খুব ভাল হৈছে৷ পিতৃ–মাতৃসকলৰ কাৰণে ভাল হৈছে৷ ইয়াত থাকি যদি এখন ভাল ইণ্টাৰনেচনেল স্কুল পায়, আমাৰ ল’ৰা–ছোৱালীও ভাল হ’ব৷ ইয়াৰ লগে লগে ঘৰসমূহ ভাল হ’ব, পৰিয়ালসমূহ ভাল হ’ব আৰু সকলো নিজে নিজে ভাল হ’ব৷ এয়া খুব সুন্দৰ আৰম্ভণি৷’ জনপ্রিয় অভিনেত্রী আইমী বৰুৱায়ো সন্তানৰ অধ্যয়নৰ বাবে বিচাৰি থকা স্কুল লাভ কৰিব বুলি উল্লেখ কৰি কয়– ‘মই ভাবোঁ যে এটা নতুন পথ দেখুৱাইছে৷ সন্তানক লগতে ৰাখি পঢ়োৱাৰ এটা সুন্দৰ উপায় অসমলৈ আহিছে৷’ উল্লেখ্য যে নামভর্তি আৰম্ভ হোৱা বন্দ্যা ইণ্টাৰনেচনেল স্কুলত নার্ছাৰীৰ পৰা সপ্তম শ্রেণীলৈ অধ্যয়নৰ সুযোগ লাভ কৰিব শিক্ষার্থীসকলে৷ ৰাষ্ট্রীয় শিক্ষা নীতিৰ আধাৰত বিদ্যালয়ৰ পাঠ্যক্রম প্রস্তুত কৰা হৈছে৷ ‘ডে’ ব’র্ডিং’ স্কুলখনত ডিজিটেল ক্লাছৰুম, কেইবাটাও খেলৰ বাবে সুবিধা, জি পি এছ সংযোজিত এ চি বাছ, সুৰক্ষিত চৌহদ আদিৰ সুবিধা লাভ কৰিব৷ নার্ছাৰীৰ পৰা দ্বিতীয় শ্রেণীলৈ ব্যক্তিগত সাক্ষাৎকাৰৰ জৰিয়তে নামভর্তি কৰা হ’ব৷ আনহাতে, তৃতীয় শ্রেণীৰ পৰা সপ্তম শ্রেণীলৈ যোগ্যতামূলক লিখিত পৰীক্ষা আৰু দলীয় সাক্ষাৎকাৰৰ জৰিয়তে নামভর্তি কৰোৱা হ’ব৷