নিয়মীয়া বার্তা, ২৩ ফেব্রুৱাৰীঃ বঙাইগাঁও আই উপত্যকা বন সংমণ্ডলৰ বন প্রাধিকাৰীৰ নির্দেশমতে শনিবাৰে অভয়াপুৰী আঞ্চলিক বন বিষয়াৰ কার্যালয়ে যোগীঘোপা অঞ্চলত অভিযান চলাই বনৰৌৰ চোৰাং বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত পঞ্চায়ত সভানেত্রীৰ স্বামীক আটক কৰাৰ লগতে সৃষ্টিৰ পাৰৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ কাঠৰ কুণ্ডা, কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে সহকাৰী বন সংৰক্ষক আব্দুল গণি, অভয়াপুৰী আঞ্চলিক বন বিষয়া ছালাম উদ্দিন সৰকাৰৰ নেতৃত্বত বনকর্মী, বন সুৰক্ষাবাহিনীৰ দলে যোগীঘোপা অঞ্চলৰ সৃষ্টিৰ পাৰত আজি পুৱাৰ ভাগত অভিযান চলায় ৷ অভিযান কালত পৰিয়াল এটাৰ ঘৰত গোপনে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ মূল্যৱান কাঠৰ কুণ্ডা জব্দ কৰাৰ লগতে আন এটি ঘৰৰ পৰা ফলা কাঠ জব্দ কৰে ৷ কাঠৰ কুণ্ডাৰ পৰিমাণ ১০০ আৰু ফলাৰ পৰিমাণ ৫০ ঘনফুট হ’ব বুলি বন বিভাগৰ সূত্রে জানিবলৈ দিছে ৷ ইপিনে, শনিবাৰে আবেলিৰ ভাগত সহকাৰী বন সংৰক্ষক আৰু বন বিষয়াৰ নেতৃত্বতে অভিযান চলাই বনৰৌৰ চোৰাং বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত দীর্ঘদিন ধৰি পলাতক অৱস্থাত থকা চলন্তাপাৰাৰ অজিত মালোক গ্রেপ্তাৰ কৰি আঞ্চলিক বন বিষয়াৰ কার্যালয়লৈ আনে ৷
উল্লেখ্য যে বইটামাৰী খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়ৰ অন্তর্গত চলন্তাপাৰা পঞ্চায়তৰ সভানেত্রী সুনীতা মালোৰ স্বামী অজিত মালো৷ এ আই ইউ ডি এফৰ প্রার্থী হৈ সভানেত্রী হিচাপে বিজয়ী হোৱা সুনীতা মালোৰ স্বামীয়ে চোৰাং বেহাৰ লগত জডিত থকাৰ অভিযোগত গ্রেপ্তাৰ হোৱা বিষয়টোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ স্মর্তব্য যে বিগত বর্ষৰ ২৯ ডিচেম্বৰত পশ্চিমবংগৰ ডব্লিউ চিচি নামৰ স্বেচ্ছাসেৱী বন্যপ্রাণী সংগঠন এটাই নামনি অসমৰ বঙাইগাঁও জিলাৰ পৰা দুষ্প্রাপ্য বনৰৌ চোৰাংকৈ বিক্রী কৰাৰ যো–জা চলোৱা বুলি সম্ভেদ লাভ কৰি সংগঠনটোৱে সিদিনা বঙাইগাঁও বিশেষ বন সুৰক্ষা বাহিনীয়ে অভয়াপুৰী আঞ্চলিক বন বিষয়াৰ কার্যালয়ৰ সহযোগত অভয়াপুৰী–যোগীঘোপা মধ্যৱর্তী ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ শিঙিমাৰী পেড্র’ল পাম্পৰ ওচৰত অভিযান চলায়৷ এই অভিযানত বস্তাৰ ভিতৰত লৈ থকা বনৰৌ এটা উদ্ধাৰ কৰাৰ লগতে চলন্তাপাৰা ৪থ খণ্ডৰ ইছমাইল হুছেইন (৩৩) আৰু ধনঞ্জয় কীর্তনীয়াক (৩৭) গ্রেপ্তাৰ কৰে৷ ইপিনে একেই তথ্যৰ ভিত্তিত সিদিনাই সন্ধিয়া ৫.৩০ বজাত অভয়াপুৰী–বঙাইগাঁও ৰাজ্যিক ঘাইপথৰ মাজগাঁৱত এখন চাৰিচকীয়া বাহনৰ পৰা এটি বনৰৌ উদ্ধাৰ কৰাৰ লগতে বিকাশ ছেত্রী (চিৰাং), ইলিয়াছ আহমেদ (ধুবুৰী), জমিৰ উদ্দিন শ্বেখ (চাপ, ধীৰঘাত)ক আটক কৰে৷ আনহাতে, দলটিয়ে ব্যৱহাৰ কৰা এ এছ ০১ এ ডব্লিউ ৯৪৮৬ নম্বৰৰ চাৰিচকীয়া বাহন এখন জব্দ কৰিছিল৷ উক্ত চক্রৰ লগত অজিত মালোৰ লগতে আন বহুকেইজন জডিত থকাৰ সন্দেহ ব্যক্ত কৰি তদন্ত চলাই আহিছে আৰু আজি উক্ত তদন্তৰ ভিত্তিতে মালোক গ্রেপ্তাৰ কৰে৷ বনৰৌ দুটাৰ আন্তঃৰাষ্ট্রীয় বজাৰ মূল্য ৪৫ লাখ টকা হ’ব বুলি বন বিভাগৰ সূত্রই জানিবলৈ দিয়ে৷ একাংশই অনুমান কৰামতে উক্ত ব্যৱসায়ৰ লগত নামনি অসমৰ বহু প্রভাৱশালী ব্যক্তি জডিত হৈ থকাৰ লগতে বহিঃৰাজ্য আৰু আন্তঃৰাষ্ট্রীয় চক্র জডিত আছে৷ স্থানীয় সূত্রই জানিবলৈ দিয়া মতে বনৰৌৰ লগতে কেঁকো সাপ, কাছ আদি এনে লোকৰ ছত্রছায়াতে আন্তর্জাতিক চোৰাং বজাৰ এখন গঢ় লৈ উঠিছে৷ উক্ত চোৰাংব্যৱসায়সকলে নামনি অসমৰ বিভিন্ন বনাঞ্চলত পোৱা দুষ্প্রাপ্য বন্যপ্রাণী বহিঃৰাজ্যলৈ নিয়াৰ পাছতবৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত আন্তর্জাতিক বজাৰত বিক্রী হৈ অহাত এনে বন্যপ্রাণীসমূহ অচিৰেই অঞ্চলসমূহৰ পৰা বিলুপ্ত হ’ব বুলিও আশংকা ব্যক্ত কৰিছে সচেতন লোকে৷ ফলত জৈৱ–বৈচিত্র্যৰ ওপৰত বিৰূপ প্রভাৱ পৰিব ৷ উক্ত কার্যৰ ওপৰত যথোপযুক্ত তদন্ত হ’লে বহু লোক জালত পৰিব ৷