নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাপাৰাত হ’বই আইপিএলৰ মেচ-অসম ক্রিকেট সন্থা

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃভাৰত আৰু শ্রীলংকাৰ প্রথমখন টি–২০ যোৱা দেওবাৰে বিতর্কিতভাৱে পৰিত্যক্ত হোৱাৰ পিছত গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত আগন্তুক আই পি এলৰ মেচ অনুষ্ঠিত হোৱাৰ ক্ষেত্রত অনিশ্চয়তা আহি পৰিছিল৷ কিন্তু অসম ক্রিকেট সন্থাই মঙলবাৰে ঘোষণা কৰিছে যে পূর্বৰ পৰিকল্পনা অনুসৰি ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত তিনিখন মেচ খেলাটো নিশ্চিত৷

উল্লেখ্য যে পূর্বৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে বর্ষাপাৰা ষ্টেডিয়ামক ঘৰুৱা গ্রাউণ্ড হিচাপে ব্যৱহাৰ কৰি অতি কমেও দুখন মেচ খেলিব বুলি প্রায় দুমাহ পূর্বে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল৷

ভাৰত–শ্রীলংকাৰ মাজত দেওবাৰে বৰষুণৰ বাবে পৰিত্যক্ত হোৱা মেচখনক আই পি এলৰ ড্রেছ ৰিহার্ছেল হিচাপে অসম ক্রিকেট সন্থাই গণ্য কৰিছিল৷ কিন্তু বর্ষাপাৰা ষ্টেডিয়ামৰ উইকেটত পানী সোমোৱাৰ বাবে দুর্ভাগ্যজনকভাৱে টি–২০ মেচখন পৰিত্যক্ত হোৱাৰ পিছত গুৱাহাটীয়ে আই পি এলৰ মেচ আয়োজনৰ দায়িত্ব শেষ মুহূর্তত হেৰুৱাব বুলি আশংকা প্রকাশ পাইছিল৷

ইয়াৰ মাজতে অসম ক্রিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই স্পষ্ট কৰে যে সমাগত আই পি এলৰ মেচ গুৱাহাটীত অনুষ্ঠিত হোৱাটো নিশ্চিত আৰু শীঘ্রেই আই পি এলৰ চূড়ান্ত সূচী ঘোষণা কৰা হ’ব৷

ইফালে, এ চি এৰ এক সূত্রই দাবী কৰা অনুসৰি গুৱাহাটীত ৰাজস্থানৰ বিৰুদ্ধে আই পি এলৰ মেচ খেলিবলৈ মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডার্ছৰ দৰে আগশাৰীৰ দল অহাৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like