বহিঃৰাজ্যত আবদ্ধ অসমৰ লোকৰ বাবে হেল্পলাইন মুকলি
নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা আতংকময় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা লকডাউনৰ সময়ত বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে অসম আৰক্ষীয়ে। লকডাউনৰ সময়ত বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকক সহায় কৰাৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিছে এই হেল্প লাইন নম্বৰ। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ নিয়ন্ত্ৰণ কক্ষ ৯৪৩৫২- ১৫০২৯ সংখ্যাৰ হোৱাটছ এপ নম্বৰত যোগাযোগ কৰিলে বিপদকালীন সমস্যাৰ বাবে সহায় কৰিব আৰক্ষীয়ে। ইয়াৰ বাবে বহিঃৰাজ্যত বিপদত পৰা লোকসকলে নাম, যোগাযোগৰ নম্বৰ আৰু থকা ঠাইৰ ঠিকনা জনাব লাগিব। লগে লগে ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে।লগে লগে গুৱাহাটী মহানগৰীৰৰ পি চি আৰৰ হেল্পলাইন দুটা হল ০৩৬১-২৪৬৪৫৫৭ আৰু ৯১২৭৮-০১০৭৭(হোৱাটছএপ)। ইফালে, কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়েও হেল্পলাইন নম্বৰ মুকলি কৰিছে। নম্বৰ দুটা হল ১০৭৭, ০৩৬১- ২৭৩৩০৫২ আৰু ৯৪৩৫৮-২৯৩১৪(হোৱাটছএপ)। উল্লেখ্য যে গুৱাহাটী মহানগৰ জিলাৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ।