নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যত আবদ্ধ ৮৬,০০০ৰ একাউণ্টত সোমাল ২,০০০ টকাকৈ

অসম কেয়াৰ আঁচনিৰ উদ্বোধন

নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ দেশৰ ভিন্ন প্রান্তত আবদ্ধ হৈ থকা অসমৰ লোকসকলক সহায় কৰাৰ বাবে স্বাস্থ্য বিভাগে হাতত লোৱা অসম কেয়াৰ আঁচনিৰ সোমবাৰে শুভাৰম্ভ কৰা হয় ৷ সোমবাৰে দুপৰীয়া গুৱাহাটীৰ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ কার্যালয়ত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে সেই আঁচনিৰ শুভাৰম্ভ কৰে ৷ শুভাৰম্ভ  অনুষ্ঠানতে মন্ত্রী ড০ শর্মাই বহিঃৰাজ্যত থকা অসমৰ ৮৬ হাজাৰ লোকৰ বেংক একাউণ্টত প্রথম কিস্তি হিচাপে ২ হাজাৰ টকাকৈ প্রেৰণ কৰে ৷ লকডাউন খোলাৰ আগে আগে দ্বিতীয় কিস্তি হিচাপে পুঁজি প্রেৰণ কৰিব ৷ অৱশ্যে দ্বিতীয় কিস্তিত কিমান পুঁজি আগবঢ়াব, সেয়া এতিয়াও নির্ধাৰণ কৰা নাই ৷ এই সম্পর্কত এখন সংবাদ মেলত মন্ত্রী ড০ শর্মাই কয় যে চৰকাৰে এই আঁচনিখন গ্রহণ কৰি দেশৰ বিভিন্ন স্থানত থকা অসমৰ লোকসকলক চৰকাৰৰ সৈতে যোগাযোগ কৰিবলৈ এটা হেল্পলাইন নম্বৰ দিছিল ৷ সেই অনুসৰি  ৯,২৯,৫৬৮ টা মিছকল লাভ কৰা হয়৷ কিন্তু একোজন লোকেই সর্বাধিক ২৬৭টা পর্যন্ত কল কৰিছে ৷ পৰৱর্তী পর্যায়ত ব্যক্তি হিচাপত গণনা কৰি মিছকল ৪,২৯,৮৫১জনে দিয়াটো নিশ্চিত কৰা হ’ল ৷ তাৰ পাছত সেই ফোন নম্বৰসমূহ ৱেব লিংকলৈ আনি প্র–পত্র দিয়াৰ ব্যৱস্থা কৰা হয় ৷ ইয়াৰে কিছুসংখ্যকে প্র–পত্র পূৰণ কৰে যদিও বহুতে এতিয়াও কৰা নাই বা কৰিব পৰা নাই ৷ ২,২৮,১২৬খন প্র–পত্র এতিয়ালৈ লাভ কৰা হৈছে ৷

পিৰামল ফাউণ্ডেচন টীমে সেই প্র–পত্রসমূহ জিলা আৰু আৰক্ষী থানা পর্যায়লৈ পঠিয়াই দিয়ে ৷ তাৰ পাছত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সেই প্র–পত্রসমূহ দুটা দিশৰ ওপৰত পৰীক্ষা কৰিবলৈ দিয়া হয় ৷ এটা দিশ হৈছে তেওঁলোক সঁচাই অসমৰ বাহিৰত আছেনে আৰু আনটো দিশ হৈছে তেওঁলোক দুখীয়া নেকি ? কাৰণ কোনোবাই ব্যৱসায় কৰিও থাকিব পাৰে ৷ ইতিমধ্যে ১,০২,৪৫৭খন প্র–পত্র পুনৰীক্ষণ কৰি ওভতাই দিছে ৷ তাৰ পাছত তেওঁলোকৰ নাম আৰু বেংকৰ একাউণ্ট নম্বৰ পুনৰীক্ষণ কৰি ৯৯,৭৫৮টা একাউণ্ট যোগ্য বিবেচনা কৰা হয় ৷ ইয়াৰে ৮৬ হাজাৰক এই মুহূর্ততে বেংক একাউণ্টলৈ দুহেজাৰ টকাকৈ পঠিওৱা হয় ৷ দুঘণ্টাৰ ভিতৰত তেওঁলোকে একাউণ্টত এই পুঁজি লাভ কৰিব ৷ গধূলিপর্যন্ত এই ব্যৱস্থা চলি থাকিব ৷ ইয়াৰ ফলত চৰকাৰৰ মুঠ ১৭.২০ কোটি টকা ব্যয় হয় ৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই দেশৰ বিভিন্ন ৰাজ্যত থকা অসমৰ লোকৰ তথ্য এই ব্যৱস্থাৰ জৰিয়তে চৰকাৰে আহৰণ কৰাৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ ফলত চৰকাৰে অসমৰ কোন অঞ্চলৰ কোন লোক বহিঃৰাজ্যৰ কোন স্থানত আছে, সেই বিষয়ে জানিব পাৰিলে ৷ অনাগত দিনত তেওঁলোক যেতিয়া ৰাজ্যখনলৈ ওভতি আহিব, কোনখন ৰে’লেৰে আহিব, অসমৰ কোন স্থানত নামিব, তেওঁলোকৰ ঘৰৰ ঠিকনাসহ সকলো এতিয়াই চৰকাৰে লাভ কৰিবলৈ সক্ষম হয়৷ নতুনকৈ এই বিষয়ে অনুসন্ধান কৰিব নালাগিব৷ ৰাজ্যলৈ উভতি অহাৰ লগে লগে তেওঁলোকক হোম কোৱাৰেণ্টাইন, ফেচিলিটী কোৱাৰেণ্টাইন কৰাৰ ক্ষেত্রত যথেষ্ট সুবিধা হ’ব৷ অর্থাৎ দ্বিতীয় ক’ৰোনা যুদ্ধৰ ক্ষেত্রত ৰাজ্য চৰকাৰে যথেষ্ট সুবিধা হ’ব৷ আনকি কোন পৰিয়ালৰ কিমানজন সদস্য আহিব, সেয়াও জানিব পৰা যাব৷ অৱশ্যে বিমানত আহিবলগীয়া আঢ়্যৱন্তসকলৰ তথ্য ইয়াত নাই যদিও তেওঁলোকৰ বিষয়ে অৱগত হোৱাত চৰকাৰৰ বিশেষ কষ্ট নহয়৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কেইখনমান বহিঃৰাজ্যত থকা অসমীয়াৰ তথ্য সদৰী কৰি কয় যে উত্তৰ প্রদেশত ৩,৮০০জন, নাগালেণ্ডত ৩,১০৬জন, অন্ধ্রপ্রদেশত ২,৮৬৮জন, কর্ণাটকত ৬৮ হাজাৰজন, তামিলনাডুত ৩৬ হাজাৰজন, কেৰালাত ৩৪ হাজাৰজন, মহাৰাষ্ট্রত ২১ হাজাৰজন অসমীয়া লোক আছে ৷

You might also like