নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যত আৱদ্ধ লোকসকলে অসমলৈ আহিবলৈ কি কৰিব?

মিছকল দিয়ক 7428159966 নম্বৰত

নিয়মীয়া বাৰ্তা, ২ মেঃ উত্তৰ-পূৱক বাহিৰে ভাৰতৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলে মিছকল দিয়ক ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা 7428159966 নম্বৰত। মিছকল দিয়াৰ লগে লগে ৪৮ঘণ্টাৰ ভিতৰতে পঠিওৱা হ’ব এটা লিংক। এই লিংকৰ যোগেদি কোন ৰাজ্যৰ পৰা আহিব, কিহেৰে আহিব, ক’লৈ যাব ইয়াৰ বিতং তথ্য বিচাৰিব চৰকাৰে। এইসন্দৰ্ভত চৰকাৰে বিচৰা তথ্যসমূহ শুদ্ধকৈ লিখি পুনৰ লিংকটো পঠাই দিবলৈ আহ্বান। অসম আৰক্ষীয়ে পৰিচালনা কৰিব এই কাৰ্যপন্থা। অসম আৰক্ষীৰ পৰা সংযোগ স্থাপন কৰা হ’ব বহিঃৰাজ্যত আৱদ্ধ লোকসকলৰ লগত।

কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলৰ সুবিধাৰ্থে  ২,০০০টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছিল। এই সাহায্যৰ বাবে যিসকল লোকে মিছকল দিছিল সেইসকললোকে পুনৰ মিছকল নিদিলেও হ’ব তেওঁলোকৰ এই লিংকটো পোনপটীয়াকৈ পাব বুলি মন্তব্য মন্ত্ৰী ড০ শৰ্মাৰ। আনহাতে এইসকল লোকক অসম চৰকাৰে আনিবলৈ হ’লে কিছুসময়ৰ প্ৰয়োজন হ’ব। যিসকল লোকে বাছ অথবা টেক্সী ভাৰা কৰি আহিব খোজে তেওঁলোকে মেইল কৰিব পাৰিব। মেইল কৰা লোকসকলে দেওবাৰৰ পৰাই লাভ কৰিব ই-পাছ।

You might also like