নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যৰ কাপোৰক প্রতিযোগিতাৰে উৎখাত কৰিলে তিষ্ঠি থাকিব শুৱালকুছিৰ শিল্প

বিশেষ বার্তা, শুৱালকুছি, ২৪ নৱেম্বৰঃ ‘পৃথিৱীৰ উন্নয়নশীল দেশসমূহে যিমানে যন্ত্র উদ্ভাৱন কৰিছে, সিমানে পৃথিৱীৰ পৰা কুটীৰ শিল্প ক্রমাগতভাৱে নাইকিয়া হ’বলৈ ধৰিছে৷ মেচিনৰ সৃষ্টিয়ে কর্মত মানুহৰ সংখ্যা হ্রাস কৰাৰ ফলত প্রতিখন দেশত নিৱনুৱাৰ সংখ্যা বৃদ্ধি পাইছে৷ কুটীৰ শিল্প বচাব লাগিলে সমাজৰ দায়িত্ব আৰু চৰকাৰৰ আন্তৰিকতা লাগিব৷ শুৱালকুছিৰ পাট–মুগাৰ কুটীৰ শিল্প ৰক্ষা কৰিবলৈ হ’লে শুৱালকুছিৰ আর্হিত বহিঃৰাজ্যত উৎপাদিত কাপোৰৰ লগত প্রতিযোগিতাত অৱতীর্ণ হৈ বহিঃৰাজ্যত উৎপাদিত কাপোৰক উৎখাত কৰিব লাগিব৷’– এই মন্তব্য বিশিষ্ট অর্থনীতিবিদ–স্তম্ভ লেখক–ষ্টেট বেংকৰ অৱসৰপ্রাপ্ত বিষয়া অনন্ত কলিতাৰ৷ আজি শুৱালকুছিৰ বিশিষ্ট সমাজকর্মী প্রাক্তন বিধায়ক প্রয়াত উমেশ চন্দ্র দাসৰ প্রথম মৃত্যুবার্ষিকী উপলক্ষে আয়োজন কৰা ‘অসমৰ কুটীৰ শিল্পঃ আর্থ–সামাজিক উত্তৰ–পূব সোপান’ শীর্ষক বত্তৃণতানুষ্ঠানত বক্তা হিচাপে অংশগ্রহণ কৰি বিশিষ্ট অর্থনীতিবিদগৰাকীয়ে অর্থনীতি অবিহনে মানুহৰ অস্তিত্ব অর্থহীন বুলি উল্লেখ কৰি অর্থনীতিৰ চাৰিটা ভাগ থকা বুলি দোহাৰে৷

জনজাতি সমাজবাদ, দাসবাদ, সামন্তবাদ আৰু পুঁজিবাদৰ কথা উল্লেখ কৰি তেওঁ ১৯৮০ চনৰ পিছত পুঁজিবাদী চূড়ান্ত ৰূপত সলনি হোৱা বুলি কয়৷ ভাষণত তেওঁ বর্তমান পৃথিৱীত নিৱনুৱাৰ সংখ্যা বাঢ়িছে আৰু দৰিদ্রতা বৃদ্ধি পাইছে বুলি দোহাৰে৷ নাগৰিক সমাজৰ উদ্যোগত আৰু শুৱালকুছি বুদৰাম মাধৱ সত্রাধিকাৰ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত উক্ত স্মৃতিচাৰণ আৰু বত্তৃণতানুষ্ঠান পৰিচালনা কৰে নাগৰিক সমাজৰ সভাপতি নৰেশ্বৰ শর্মাই৷

সভাত আন এগৰাকী বক্তা বিশিষ্ট বুদ্ধিজীৱী–সাংবাদিক হাইদৰ হুছেইনে অংশগ্রহণ কৰি কুটীৰ শিল্প জীয়াই ৰখাত সমাজৰ দায়িত্ব অসীম বুলি উল্লেখ কৰি কুটীৰ শিল্পই জাতি আৰু ভেটি ৰক্ষা কৰে বুলি কয়৷ উন্নত মানৰ বজাৰৰ অভাৱ আৰু কেঁচা সামগ্রীৰ সমস্যাই কুটীৰ শিল্পৰ প্রধান হেঙাৰ হৈ পৰা বুলি উল্লেখ কৰি তেওঁ বিশ্বৰ বজাৰ দখল কৰিবলৈ হ’লে কুটীৰ শিল্পৰ আধুনিকীকৰণ অতি আৱশ্যক বুলি কয়৷ ৰজাঘৰৰ এটকীয়া চাউলে মানুহৰ জীৱন পংগু কৰা বুলি উল্লেখ কৰি বর্তমান একাংশ মানুহ কর্মবিমুখ হৈ পৰা বুলি কয়৷ আজিৰ নৱপ্রজন্মই শিপাৰ গোন্ধ থকা কামত অগ্রসৰ হ’লেহে কুটীৰ শিল্প জীয়াই থকাৰ সম্ভাৱনা আছে বুলি সাংবাদিক হুছেইনে উল্লেখ কৰে৷ সভাৰ আৰম্ভণিতে প্রয়াত উমেশ চন্দ্র দাসৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন আৰু মাল্যার্পণ কৰে শুৱালকুছি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপেশ চন্দ্র ভাগৱতীয়ে৷ বৰগীত পৰিৱেশন কৰে শিল্পী কাশ্মিৰী ওজাই৷ প্রয়াত দাসৰ স্মৃতিচাৰণ কৰি বত্তৃণতা প্রদান কৰে সত্রাধিকাৰ ৰাজীৱলোচন সন্ত, অধ্যক্ষ দীপেশ চন্দ্র ভাগৱতী, অৱসৰী প্রধান শিক্ষক কুলধৰ চৌধুৰী প্রমুখ্যে কেইবাজনো বক্তাই৷ অধ্যাপক অতুল চন্দ্র দাসে আৰম্ভণিতে আঁত ধৰা উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দিলীপ কুমাৰে৷

You might also like