নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যৰ পৰা অহা শিক্ষাৰ্থীলৈ ৰাজ্য চৰকাৰৰ সাহায্য

নিয়মীয়া বাৰ্তা, ৭ মেঃ লক ডাউনৰ বাবে বহিঃৰাজ্যত আৱদ্ধ হৈ আছে অসমৰ বহু শিক্ষাৰ্থী। ৰে’ল আৰু বিমান বন্ধ হৈ থকাৰ বাবে বাছযোগে কিছু শিক্ষাৰ্থীক অসমলৈ অনাত ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। বাছেৰে অসমলৈ অহা শিক্ষাৰ্থীসকলৰ বাবে ৰাজ্য চৰকাৰে সাহায্য প্ৰদান কৰিব। সেই অনুসৰি উত্তৰ আৰু দক্ষিণ ভাৰতৰ পৰা শিক্ষাৰ্থীসকলে লাভ কৰিব ৫০০০টকা। তাৰবাবে তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব শিক্ষাৰ্থীসকলে।

দিল্লীৰ পৰা আহিলে লাভ কৰিব ৩হাজাৰ টকা আৰু ইষ্ট জ’নৰ পৰা আহিলে লাভ কৰিব ২ হাজাৰ টকা। ইয়াৰ বাবে 18003453525 নম্বৰত আৰু #assamstudenthelpdesk টুইটাৰ একাউণ্টত জনাবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

You might also like