নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যৰ পৰা উভতি অহা ক’ৰোনা আক্রান্তক লৈ ৰাজ্যজুৰি হাহাকাৰ

নিয়মীয়া বাৰ্তা, ২০ মেঃ ৰাজ্যখনত প্রথম পর্যায়ৰ ক’ভিড–১৯বিৰোধী যুঁজত অসমে উল্লেখনীয়ভাৱে সফলতা প্রদর্শন কৰে৷ কিন্তু দ্বিতীয় পর্যায়ৰ ক’ভিড–১৯বিৰোধী যুঁজখন আৰম্ভ হয় বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকল নিজ গৃহ অভিমুখে আহিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰাই৷ বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকল অহাৰ পিছতেই উদ্বেগজনকভাৱে প্রতিদিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা৷ ক্রমবর্ধমান হাৰত বৃদ্ধি পোৱা সংখ্যাই স্বাভাৱিকতে জনসাধাৰণৰ মাজত গভীৰ শংকা আৰু আতংক সৃষ্টি কৰিছে৷ অৱশ্যে এনে এক পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা বিগত দিনত বাৰম্বাৰ প্রকাশ কৰি আহিছিল স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

প্রণালীবদ্ধভাৱে এক শৃংখলিত ৰূপত বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকল অসমলৈ উভতি নাহিলে ৰাজ্যখন যে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ব, সেই বিষয়ে তেওঁ বিগত দিনসমূহত বহুবাৰ সংবাদ মেলত উল্লেখ কৰি আহিছিল৷ এতিয়া স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ সেই শংকা আখৰে আখৰে ফলিয়াইছে৷ উল্লেখ্য যে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা, স্বাস্থ্য বিভাগৰ উচ্চপদস্থ আমোলা–বিষয়া, চিকিৎসক, নার্ছ, স্বাস্থ্যকর্মীসকলৰ অক্লান্ত শ্রম আৰু নিৰলস প্রচেষ্টাৰ ফলস্বৰূপে প্রথম পর্যায়ৰ ক’ৰোনা যুঁজত অসমে উল্লেখনীয় সফলতা প্রদর্শন কৰে৷ ক’ৰোনা প্রতিৰোধত অসমে দেশৰ ভিতৰতে শীর্ষস্থানত থাকিবলৈ সক্ষম হয়৷ কিন্তু বহিঃৰাজ্যত আবদ্ধ হৈ থকা ৰাজ্যখনৰ লোকসকল নিজ গৃহলৈ উভতিলেই ৰাজ্যখন যে আন এক ক’ৰোনা যুঁজৰ সন্মুখীন হ’ব লাগিব, সেই আশংকা মন্ত্রী ড০ শর্মাই ডেৰ মাহ পূর্বেই কৰিছিল৷ যোৱা ৬ এপ্রিলত এখন সংবাদ মেলত মন্ত্রী ড০ শর্মাই বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক এক প্রণালীবদ্ধ, শৃংখলিত প্রক্রিয়াৰে অসমলৈ ওভতাই অনাৰ পোষকতা কৰিছিল৷ এই সম্পর্কত তেওঁ প্রকাশ কৰা অনুসৰি ইনাৰলাইন পার্মিট (আইএলপি)ৰ আর্হিত বহিঃৰাজ্যৰ পৰা আহিবলগীয়া লোকসকলক পর্যায়ক্রমে ৰাজ্যখনলৈ অনাত গুৰুত্ব দিয়ে৷

মূলতঃ একে সময়তে বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকল অসমত উপস্থিত হ’লে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাকে ধৰি বিভিন্ন ক্ষেত্রত উদ্ভৱ হ’ব পৰা সমস্যাৰ প্রতি লক্ষ্য ৰাখিয়েই সেই দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল৷ এটা দিনত বা এটা সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে কিমান বোজা বহন কৰিব পাৰে, সেই অনুসৰিহে বহিঃৰাজ্যত আবদ্ধ লোকসকলক অনুমতি দিয়াৰ প্রসংগ উল্লেখ কৰিছিল৷ পিছে তৃতীয় পর্যায়ৰ লকডাউনৰ সময়ত আহি পৰা শিথিলতাৰ পিছতেই ৰে’ল, বাছ, ব্যক্তিগত বাহনযোগে বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকল ৰাজ্যখনলৈ উভতি আহিবলৈ আৰম্ভ কৰে৷ এই প্রক্রিয়া আৰম্ভ হোৱাৰ সময়তো মন্ত্রী ড০ শর্মাই ৭ মে’ত এখন সংবাদ মেলত এই সময়ছোৱা ৰাজ্যৰ বাবে আটাইতকৈ জটিল আৰু প্রত্যাহ্বানৰ সময় বুলি উল্লেখ কৰি ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধিৰ আশংকা কৰে৷ এই আশংকা সন্দর্ভত তেওঁৰ স্পষ্ট মত আছিল– ৰেড জ’নৰ পৰা হাজাৰ হাজাৰ মানুহ অসমলৈ আহি আছে৷ মন্ত্রী ড০ শর্মাৰ সেই আশংকা যে মুঠেই অমুলক নাছিল, সেয়া যোৱা দিনকেইটাতে স্পষ্ট হৈ পৰিছে৷

বহিঃৰাজ্যৰ পৰা জাকে জাকে মানুহ অসমলৈ উভতি অহাৰ পিছৰে পৰাই উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড–১৯ত সংক্রমিত হোৱা লোকৰ সংখ্যা৷ চেন্নাই, মুম্বাই, হাৰিয়ানা, পশ্চিমবংগ আদি ৰাজ্যৰ পৰা উভতি অহা লোকৰ বাবেই প্রতিদিনে বৃদ্ধি পাইছে ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্ত হোৱা লোকৰ সংখ্যা৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰাৰ দৰেই যদিহে এই মুহূর্তত বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ সঠিক ৰূপত কোৱাৰেণ্টাইন নহয়, নিশ্চিত ৰূপত ৰাজ্যখন ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ব৷ কোৱাৰেণ্টাইনৰ ক্ষেত্রত সামান্য গাফিলতি হ’লেই অসম যে ক’ভিড–১৯ৰ সামূহিক সংক্রমণৰ দৰে বিপজ্জনক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব, সেয়া নিশ্চিত৷

You might also like