বাংলাদেশত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত আলফা নেতা প্ৰদীপ ৰয় ওৰফে মেজৰ ৰঞ্জন চৌধুৰীয়ে পুনৰায় কেতিয়াবা দেখা পাব নে ধুবুৰীৰ গৌৰীপুৰৰ নিজৰ ওপজা ঘৰখন?
নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ সময়ে সময়েন ধুবুৰীৰ একাংশ মহলত উচ্চাৰিত হোৱা পোৱা যায় বাংলাদেশত কাৰাৰুদ্ধ এগৰাকী বিশেষ আলফা নেতাৰ নাম৷ বাংলাদেশৰ বিশেষ আদালতে যাবজ্জীবন কাৰাদণ্ডৰে দণ্ডিত কৰা এই আলফা নেতাগৰাকী ২০১৭ চনৰ পৰাই বন্দী হৈ আছে দেশখনৰ ঢাকাৰ কেন্দ্ৰীয় কাৰাগাত। বাংলাদেশৰ পৰা আলফাৰ এগৰাকী শীৰ্ষ নেতা অনুপ চেতিয়াৰ প্ৰত্যাৱৰ্তনৰ পিছত বহুতেই আশা কৰিছিল এইগৰাকী আলফা নেতাকো অনা হ’ব অসমলৈ। উল্লেখ্য যে, বিগত প্ৰায় পাঁত বছৰৰ পৰা ঢাকাৰ কেন্দ্ৰীয় কাৰাগাৰতেই কাৰাৰূদ্ধ হৈ থকা আলফাৰ মেজৰ পৰ্যায়ৰ নেতাগৰাকী হ’ল প্ৰদীপ ৰায় ওৰফে ৰঞ্জন চৌধুৰী ৷ ধুবুৰী জিলাৰ সদৰ ধুবুৰীৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰৈৰ গৌৰীপূৰৰ মধুশোলমাৰী দ্বিতীয় খণ্ড গাওঁৰ এক সাধাৰণ ৰাজবংশী পৰিয়ালত জন্ম হৈছিল প্ৰদীপ ৰায়ৰ৷ চাৰি ভাতৃ আৰু এগৰাকী জীয়ৰীৰ সেই পৰিয়ালটোৰ প্ৰদীপ ৰায় হ’ল বৰ পুত্ৰ৷ সৰু থাকোতেই মাতৃ সুভদ্ৰা ৰায়ৰ মৃত্যু হোৱাৰ বিপৰীতে বৰ পুত্ৰ প্ৰদীপক ল’গ পোৱাৰ আশাৰে অতি আগ্ৰহেৰে বাট চাই থকা পিতৃ মধুসুধন ৰায়ৰ ২০০৬ চনতেই মৃত্যু হৈছে৷
ইফালে ২০১৯ বৰ্ষত এক শোকাৱহ পথ দূৰ্ঘটনাত মৃত্যু হৈছে প্ৰদীপ ৰায়ৰ সৰু ভাতৃ নাৰায়ণ ৰঞ্জন ৰায়ৰো৷ এসময়ত গৌৰীপুৰৰ এগৰাকী সৰবৰহী যুৱক তথা আছু নেতাৰূপে পৰিচিত প্ৰদীপে যোগ দিছিল আলফাত। পিছলৈ গৈ সংগঠনটোৰ ধুবুৰী জিলাৰ সম্পাদকৰ দায়িত্বও প্ৰদান কৰা হৈছিল তেওঁক। ১৯৯৫ চনত ভূটানস্থ আলফা শিৱিৰত আলফা নেতা অনুপ চেতিয়াৰ সৈতে কিবা গোপন বৈঠকত মিলিত হৈছিল আৰু তাৰ পৰা উভতি অহাৰ পথত ভাৰতীয় সেনাৰ হাতত কৰায়ত্ব হৈ কাৰাবাসো খাটিছিল তেওঁ৷ পিছত জামিন লাভ কৰি পুনৰ আলফালৈ উভতি গৈছিল প্ৰদীপ ৰায়ে৷ একাংশ মহলৰ মাজত থকা চৰ্চানুসৰি ১৯৯৭ চনত বাংলাদেশৰ ঢাকাত এক গোপন বৈঠকৰ পিছত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নিৰ্দেশ মৰ্মে দেশখনৰ শ্বেৰপুৰৰ কোনো এক গোপন স্থানত সংগঠনলৈ অহা নতুন সদস্যসকলক অস্ত্ৰ প্ৰশীক্ষণৰ দায়িত্ব লৈছিল তেওঁ৷
২০১০ চনৰ ১৭ জুলাই দিনা প্ৰদীপ মাৰাক নামৰ এগৰাকী সতীৰ্থসহ বাংলাদেশৰ শ্বেৰপুৰ জিলাৰ বাঁকুৰা গাঁৱত দেশখনৰ আৰক্ষীৰ কমাণ্ডো বাহিনী আৰ.এ.বি. নাইনৰ জালত পৰিছিল দুয়ো৷ তেওঁলোকৰ পৰা চাৰি ৰাউণ্ড গুলীসহ দুটা পিস্তল আৰু চাৰিটা হস্তনিৰ্মিত বোমাকে ধৰি বোমা নিৰ্মাণৰ সামগ্ৰী উদ্ধাৰ হোৱা বুলি দাৱী কৰিছিল দেশখনৰ আৰক্ষীয়ে৷ ধৰা পৰাৰ পিছত ঢাকাস্থ কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় ৭ বছৰ ধৰি কাৰাৰূদ্ধ হৈ আছিল দুয়ো আৰু পিছলৈ গৈ ২০১৭ চনৰ ৮ এপ্ৰিলৰ দিনা বাংলাদেশৰ কিশোৰগঞ্জৰ বিশেষ আদালতে ধৃত প্ৰদীপ ৰায় সহ তেখেতৰ সহযোগী প্ৰদীপ মাৰাকক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল৷ বৰ্তমানেও আলফাৰ এই নেতাগৰাকী ঢাকাৰ কেন্দ্ৰীয় কাৰাগাৰতেই কাৰাৰূদ্ধ হৈ থকা বুলি প্ৰকাশ৷ আনহাতে ২০২০ চনত আলফাৰ প্ৰাক্তন উপ-সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে অমৰ ৰাভাই ভাৰতীয় সেনাৰ হাতত আত্মসমৰ্পণ কৰাৰ পিছত পুনৰ চৰ্চালৈ আহিছিল প্ৰদীপ ৰায়ৰ নাম। তেখেতৰ গৌৰীপুৰস্থ আত্মীয়বৰ্গ ধৰি শুভাকাংক্ষীয়ে আশা কৰিছিল যে আলফাৰ শীৰ্ষ নেতা অনুপ চেতিয়াৰ দৰে কাৰাৰূদ্ধ প্ৰদীপ ৰায়কো মুক্ত কৰি বাংলাদেশৰ পৰা অসমলৈ অনাৰ বাবে ব্যৱস্থা লোৱা হ’ব বুলি। আনকি সাধাৰণ ৰাজবংশী পৰিয়ালৰ পৰা হোৱাৰ বাবেই প্ৰদীপৰ মুক্তি অথৱা প্ৰত্যাৱৰ্তনৰ বিষয়টো যথাযথ গুৰুত্ব নাপালে নেকি বুলিও এক প্ৰশ্ন উত্থাপিত কৰা পোৱা গৈছে একাংশই।
প্ৰতিবেদনঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী,