নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বাঘজানৰ জুই একোৱেই নহয়, ৰাছিয়াৰ জুইহে বেছি ভয়াৱহ’

নিয়মীয়া বাৰ্তা, ১১জুনঃ বাঘজানৰ জুইতকৈ ৰাছিয়াৰ জুই বেছি ভয়াৱহ। ৰাছিয়াত প্ৰায় ৬০দিন ধৰি জুই লাগিছিল। OILত এইটোৱেই নহয় ত্ৰিপুৰাত ইয়াতকৈ বেছি ভয়ংকৰ জুই লাগিছিল। ইৰাণতো এনেকুৱা জুই লাগিয়েই থাকে বুলি টুলুঙা মন্তব্য পাটোৱাৰীৰ।

বাঘজানবাসীৰ দুৰৱস্থাৰ খবৰ ল’বলৈ গৈ এনে উপলুঙাসূচক মন্তব্য কৰি ৰাইজৰ ৰোষত পৰিল মন্ত্ৰী পাটোৱাৰী। বিধায়ক বিনোদ হাজৰিকাও ৰাইজৰ ৰোষত পৰে। অঞ্চলবাসীক আশ্বস্ত কৰিব পৰাকৈ কোনো ধৰণৰ সঁহাৰি নিদি উপলুঙা কৰাত ক্ষান্ত হৈ পৰে অঞ্চলটোৰ ৰাইজ। কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ পৰা ১০০বছৰ পৰ্যন্ত ক্ষতিপূৰণ বিচাৰে বাঘজানবাসী ৰাইজে।

You might also like