বাঘজান কাণ্ড সন্দর্ভত আৰু এখন আবেদন গ্রহণ উচ্চতম ন্যায়ালয়ৰ
নিয়মীয়া বাৰ্তা, ৮ জুলাই: অসমৰ তেল উদ্যোগৰ ইতিহাসৰ ক’লা অধ্যায় ৰূপে স্বীকৃত বাঘজান কাণ্ড সন্দর্ভত এটা গোচৰ উচ্চতম ন্যায়ালয়ে গ্রহণ কৰিছে৷ উল্লেখ্য যে যোৱা ৮ জুনত তিনিচুকীয়া জিলাৰ বাঘজানৰ এখন তৈলক্ষেত্রত হোৱা বিস্ফোৰণ আৰু তাৰ ফলস্বৰূপে হোৱা অগ্ণিকাণ্ড সন্দর্ভত যোৱা ২৭ জুনত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ৰাষ্ট্রীয় গ্রীন ড্রিবিউনেলৰ ইষ্টার্ন জ’ন বেঞ্চত এটা গোচৰ তৰা হৈছিল৷
তিনিজন সমাজকর্মী ক্রমে সোণেশ্বৰ নৰহ, মহম্মদ আফ্রীন ৰেহমান আৰু সমুদ্রজিৎ গোহাঞিয়ে তৰা এই গোচৰ সন্দর্ভত গুচৰীয়াৰ হৈ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্রশান্ত চন্দ্র সেনে ন্যায়াধীশ এছ পি বাংডি আৰু ড০ নাগিন নন্দাৰ সন্মুখত যুক্তি প্রদর্শন কৰে৷ গোচৰ সন্দর্ভত মত প্রকাশ কৰি ড্রিবিউনেলে জনায় যে এই সন্দর্ভত দুটা গোচৰ ৰুজু কৰা হৈছে আৰু আদেশ জাৰি কৰা হৈছে৷ গতিকে নতুন আবেদন দিয়াৰ কোনো প্রয়োজন নাই৷ কিন্তু অধিবক্তা সেনে যুক্তি আগবঢাই কয় যে এতিয়াৰ আবেদনখনে বিশেষকৈ গুৰুত্ব দিব লগা কথাটো হৈছে এয়ে যে বাঘজানৰ তৈলখাদটো কোনো সাধাৰণ গেছখাদ নহয়৷ বৰং ই এটা গেছ কনডেনছেট খাদ৷ যাৰ বাবে কর্তৃপক্ষ আৰু প্রদূষণ নিয়ন্ত্রণ ব’র্ডে আগতেই বিশেষভাৱে ইয়াৰ যত্ন আৰু সাৱধানতা লোৱাটো নিশ্চিত কৰিব লাগিছিল৷ কিন্তু বাস্তৱত এনে কৰা নহ’ল৷ গতিকে দায়বদ্ধতা আৰু ক্ষতিপূৰণ নির্ধাৰণ কৰাৰ ক্ষেত্রত এই হেমাহিৰ বিচাৰ কৰটো অতিশয় গুৰুত্বপূর্ণ বিষয়৷ তেওঁ যুক্তি দর্শাই লগতে এইটোও কয় যে নীতি–নিয়ম পালন আৰু ব্যৱস্থাটোৰ নিৰীক্ষণৰ দায়িত্বত থকা ৰাজ্যিক প্রদূষণ ব’ড সুৰক্ষা নিশ্চিত কৰাত সম্পূর্ণৰূপে বিফল হৈছে৷
প্রদূষণ নিয়ন্ত্রণ ব’র্ডে যোৱা ১৯ জুনত জাৰি কৰা জাননীত উল্লেখ আছিল যে অইলে খাদসমূহৰ পূর্বৰ বার্ষিক প্রতিবেদনসমূহ দাখিল কৰিব পৰা নাই৷ যদিহে অইল ইণ্ডিয়া কর্তৃপক্ষৰ এই হেমাহিৰ বিষয়ে অৱগত আছিলেই, তেন্তে প্রদূষণ নিয়ন্ত্রণ ব’র্ডে কিয় নিজৰ দায়িত্ব পালন নকৰাকৈ আছিল, এই দিশটো অতি গুৰুত্বপূর্ণ৷ এনে পৰিপ্রেক্ষিতত ৰাষ্ট্রীয় গ্রীন ড্রিবিউনেলে গঠন কৰি দিয়া তদন্ত সমিতিত প্রদূষণ নিয়ন্ত্রণ ব’ড থকাটো উচিত নহয়৷ গুচৰীয়া পক্ষৰ এই যুক্তি শুনাৰ পাছত ৰাষ্ট্রীয় গ্রীন ড্রিবিউনেলে আবেদনখন পূর্বৰ আবেদনৰ লগত একেলগ কৰি গ্রহণ কৰে আৰু পৰৱর্তী শুনানি অহা ২৯ জুলাইত একেলগে গ্রহণ কৰা হ’ব বুলি জনায়৷