‘বাতৰি কাকতৰ পৰা কৰ’ণা ভাইৰাছ বিয়পে বুলি প্ৰমাণ হোৱা নাই’
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ সমগ্ৰ দেশজুৰি কৰ’না ভাইৰাছক লৈ অপপ্ৰচাৰ চলিছে। ছ’চিয়েল মিডিয়াত বাতৰিকাকতৰ জৰিয়তে ক’ৰণা ভাইৰাছ বিয়পে বুলি অপপ্ৰচাৰ চলাইছিল একাংশই। এই সন্দৰ্ভত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে বাতৰি কাকতৰ পৰা কৰ’না হোৱাৰ কোনো প্ৰমাণ নাই।
বাতৰি কাকতৰ জৰিয়তে কৰ’ণা হ’বলৈ হ’লে প্ৰথমে ক’ৰণা আক্ৰান্ত কোনো লোকে বাতৰিকাকত খন চুব লাগিব। বাতৰিকাকতত ক’ৰণা থাকে বুলি গম পালে ইমান দিনে ভাৰত চৰকাৰে বাতৰি কাকত বন্ধ কৰিলে হয় আৰু আমি ভাৰত চৰকাৰৰ পৰা কোনো ধৰণৰ উপদেশ পোৱা নাই বা এই বিষয়ত আমাক একো কথা জনোৱা নাই বুলিও মন্তব্য স্বাস্থ্য মন্ত্ৰীগৰাকীৰ।
তেওঁ জনসাধাৰণক আহ্বান জনাই যে কোনো ধৰণৰ ভুৱা বাতৰিত ভোল নাযাব অথবা ছ’চিয়েল মিডিয়াত কিছু লোকে উৰা বাতৰি প্ৰচাৰ কৰিছে এনে বাতৰিৰ বিপৰীতে নিৰ্ভৰযোগ্য উৎস পৰা প্ৰচাৰ কৰা বাতৰিত গুৰুত্ৱ দিবলৈ আহ্বান মন্ত্ৰী ড০ শৰ্মাৰ।