নিয়মীয়া বাৰ্তা, ২৭ জুনঃ পশ্চিম মঙলদৈৰ অন্যতম বাণিজ্যিক কেন্দ্র জনাৰামচৌকা আকৌ ককবকাইছে বানত৷ কেৱল জনাৰামচৌকাই নহয়, এমপিকেৰ নির্মীয়মাণ অংশলৈও সৃষ্টি কৰিছে প্রত্যাহ্বান৷ লক্ষণীয় যে শাকতোলা নদীৰ বৰ আঠিয়াবাৰীত কেএনআইৰ সন্মুখত কেইবাবছৰ পূর্বে নির্মাণ কৰা হৈছিল এক উত্তোলিত জলসিঞ্চন বান্ধ৷ প্রায় ৫ কোটি টকীয়া বান্ধটোৰ পৰা বিগত ৭ বছৰে এটোপাল পানীও পথাৰলৈ নগ’ল৷ বিশ্বৰ অন্যতম আশ্চর্য হিচাপে স্থানীয় ৰাইজৰ মাজত চর্চিত বান্ধটোৰ নাই কোনো নলা৷ কাজেই পথাৰলৈ পানী যায় কিদৰে? বিগত ৭ বছৰত বহু বা–বাতৰি হ’ল, শাকতোলা নদীৰ বুকুৰে বৈ গ’ল পানী৷
কিন্তু গঁডৰ ছালতকৈয়ো ডাঠ জলসিঞ্চন বিভাগৰ ছিপাঝাৰ অনুসন্ধান শাখাৰ নলৰিল গা৷ আনকি, ছিপাঝাৰ অনুসন্ধান শাখাৰ দায়িত্বত পুনৰ একেটা নদীৰেই ৩ কিঃমিঃ দূৰৈত নির্মাণ চলিছে আন এটা বান্ধৰ৷ শাকতোলাত কংগ্রেছ চৰকাৰৰ দিনত কেৱল ঠিকাদাৰৰ স্বার্থত নির্মাণ কৰা বান্ধটোৱে শাকতোলাৰ জলাধাৰ বাধা দিয়াৰ বাবে বাৰে বাৰে বুৰিব লৈছে জনাৰামচৌকা৷ জনাৰামচৌকাৰ পৰা শাকতোলাৰ দলংপর্যন্ত সমগ্র এমপিকে পথছোৱা আৰম্ভ হৈছে খহনীয়া৷ ইপিনে মঙলদৈৰ বেগা নদীৰ পানীত উটি গ’ল টেঙাবাৰী৷ টেলিপাৰা লক্ষ্মী মন্দিৰৰ পিছৰ বহু লোকৰ ঘৰত পানী সোমাই জলমগ্ণ কৰাৰ লগতে আবদ্ধ হৈ পৰে সাধাৰণ নাগৰিক৷ কেইবাটাও পৰিয়ালে পশুকুলৰ সুৰক্ষাৰ বাবে ভূৰ সাজি উদ্ধাৰ চলায়৷ আন একাংশই পথতে টঙি জাল পাতি মৎস্য চিকাৰত নামি পৰে।