নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ দৰঙৰ দলগাঁও সমষ্টিত গডকাপ্ঢানী বিভাগৰ পথ নির্মাণত ব্যাপক দুর্নীতি হোৱাৰ অভিযোগ উঠিছে৷ অভিযোগ মতে, শিল নিদিয়াকৈ ঠিকাদাৰে মাত্র বালি–মাটিৰ ওপৰত পকী পথ নির্মাণ কৰাৰ দৰে আজব কাণ্ড সংঘটিত হৈছে দলগাঁৱৰ এটা পথৰ ক্ষেত্রত৷ ফলত বখলা বখলে উঠি গৈছে পকী পথৰ পিটচ৷ এক নম্বৰ কুঁৱৰীপুখৰী গাঁৱৰ পৰা বাৰংগবাৰী গাঁৱলৈ কেইবাকোটি টকা খৰচ কৰি নির্মাণ হৈ আছে পকী পথ৷ কিন্তু পথ নির্মাণৰ নামত চলিছে ব্যাপক অনিয়ম৷ উল্লেখ্য যে পকী পথ নির্মাণত পিটচিং কৰাৰ পূর্বে ছেণ্ড গ্রেভেল দি ৰোলাৰ কৰিব লাগে৷ পথছোৱাত শিল নিদিয়াকৈ বালি–মাটিৰ ওপৰত পিটচিং কৰা বুলি অভিযোগ উঠিছে৷ ৰাইজে অভিযোগ কৰা মতে, আজিলৈ এবাৰো নির্মীয়মাণ পথ চাবলৈ অহা নাই বিভাগীয় অভিযন্তা৷ আনকি ঠিকাদাৰৰ অভিযন্তাৰো সময় নাই এই ৰাস্তাৰ নির্মাণকার্য চাবলৈ৷ ঠিকাদাৰ আৰু বিভাগৰ একাংশ বিষয়া–কর্মচাৰীৰ বুজাবুজিৰে চলি আছে কেইবা কোটিটকীয়া পথ নির্মাণ৷ ফলত দ্বিধাহীনভাৱে চলি আছে অনিয়ম৷ এইক্ষেত্রত মৌন হৈ আছে স্থানীয় বিধায়কগৰাকীও৷ পথ নির্মাণত হোৱা এনে অনিয়মৰ তদন্ত কৰি ব্যৱস্থা ল’বলৈ ৰাইজে ঊর্ধ্বতন কর্তৃপক্ষক দাবী জনাইছে৷