নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বায়ু–শব্দ প্রদূষণ ৰোধৰ চেষ্টা অভিযন্তা ৰীপম বৰুৱাৰ: নির্মাণ কৰিলে দুখনকৈ সৌৰশক্তিচালিত বাহন

নিয়মীয়া বার্তা, ৪ জুনঃ  মহানগৰীৰ এজন অসমীয়া অভিযন্তাই কঢ়িয়াই আনিছে সুখবৰ৷ বায়ু–শব্দ প্রদূষণ ৰোধৰ চেষ্টাৰে সাজি উলিয়াইছে সৌৰশক্তিচালিত বাহন৷

এখন সৌৰশক্তিচালিত মটৰচাইকেল আৰু আনখন ৰিক্সা৷ মহানগৰীৰ জোনালী নিৱাসী তথা ইলেক্ট্রিকেল অভিযন্তা ৰীপম বৰুৱাই সাজি উলিয়াইছে বাহন দুখন৷

বিগত প্রায় দুবছৰ ধৰি অসাধাৰণ প্রচেষ্টাৰ অন্তত বাহন দুখন সাজি উলিয়াবলৈ সক্ষম হৈছে অভিযন্তা ৰীপম বৰুৱা৷ আজি অভিযন্তাগৰাকীয়ে মহানগৰীৰ ৰাজপথত পৰীক্ষামূলকভাৱে বাহন দুখন চলায়৷

এই সন্দর্ভত অভিযন্তা ৰীপম বৰুৱাই কয় যে কোনো ইন্ধনজাত সামগ্রী ব্যৱহাৰ নকৰাকৈ চলাব পৰা সৌৰশক্তি চালিত বাইকখনৰ প্রায় ৫০–৬০ হাজাৰ টকা আৰু ৰিক্সাখন প্রায় ৮০–৯০ হাজাৰ টকা ব্যয় কৰি নির্মাণ কৰি উলিয়াইছে অভিযন্তাজনে৷ বাহন দুখন নির্মাণৰ পৰিকল্পনা কৰা দিনৰে পৰা অভিযন্তাগৰাকীয়ে বহু পৰীক্ষামূলক প্রস্তুতি চলাইছিল আৰু বুধবাৰে বাহন দুখন পৰীক্ষামূলকভাৱে ৰাজপথত চলাবলৈ সক্ষম হয়৷ ৰাজপথত পৰীক্ষামূলক চলাচল কৰা সময়ত অসংখ্য লোকে বাহন দুখন চাবলৈ ভিৰ কৰে৷

লগতে কেইবাজনো লোকে বাহন দুখন চলাই চায়৷ এজন অসমীয়া অভিযন্তাৰ এনে উদ্ভাৱনক ভূয়সী প্রশংসা কৰিছে বাহন দুখনৰ প্রত্যক্ষদর্শী ৰাইজে৷

You might also like