নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰপূজীয়াৰ বিশিষ্ট সমাজকৰ্মী, সংগঠক প্ৰমোদ ডেকাদলৈৰ পৰলোকপ্ৰাপ্তি 

নিয়মীয়া বাৰ্তা, ৯ মে’ : নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত বাৰপূজীয়াৰ নিবাসী বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক প্ৰমোদ ডেকাদলৈৰ এসত্তৰ বছৰ বয়সত আজি নিজা বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে । প্ৰাপ্ত খবৰ মতে আজি কিছুদিনৰ আগতে এক দুৰ্ঘটনাত পতিত হৈ গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ডেকাদলৈ । কিন্তু আজি পুৱা ৬:৪৫ বজাত সকলোকে কন্দুৱাই ইহলীলা সম্বৰণ কৰে বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে । ১৯৪৯ চনত বাৰপূজীয়াত জন্ম গ্ৰহণ কৰা ডেকাদলৈ দেৱে  ১৯৬৯ চনত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৭১ চনৰ জুলাই ৫ তাৰিখে যোৰহাটস্থিত ভাৰতীয় দূৰ সংযোগ বিভাগত (তেতিয়াৰ PNT) কৰ্মজীৱন আৰম্ভ কৰে । পাছলৈ কৰ্মসূত্ৰে বিভিন্ন ঠাইত কৰ্তব্য সম্পাদন কৰি যোৱা ২০১০ চনৰ জুলাই মাহৰ ৩১তাৰিখে নগাঁও কাৰ্যালয়ৰ পৰা জ্যেষ্ঠ গাণনিক হিচাপে অৱসৰ গ্ৰহণ কৰে ।

উল্লেখ্য যে জাতীয়তাবাদী ভাৱাপন্ন ডেকাদলৈয়ে অসম আন্দোলনৰ সময়তো বিভিন্ন প্ৰকাৰে আন্দোলনত অংশ গ্ৰহণ কৰিছিল । তদুপৰি ক্ৰীড়া ক্ষেত্ৰটো বিশেষ ভাৱে জড়িত হৈ নিজেও এজন পাকৈত ফুটবল খেলুৱৈ হিচাপেও খ্যাতি অৰ্জন কৰিছিল । মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ অতিকৈ ঘনিষ্ঠ হিচাপে পৰিচিত ডেকাদলৈয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি তিৱা জাতীয় ঐক্য মঞ্চৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তদুপৰি মৃত্যুৰ আগলৈকে বৃহত্তৰ বাৰপূজীয়া আঞ্চলিক ক্ৰীড়া সন্থাৰ  সভাপতি হিচাপে দায়িত্ব পালন কৰা লগতে  বাৰপূজীয়া দৌল উদ্‌যাপন সমিতিৰ সভাপতি ,  তিৱা মাথ্ৰনলাই তখ্ৰাৰ নগাঁও জিলা সমিতিৰ , তিৱা ভাষা- সংস্কৃতি চৰ্চা সমিতি, কলা শিক্ষা নিকেটনৰ  প্ৰাক্তন সভাপতি (বৰ্তমান উপদেষ্টা) ,  বাৰপূজীয়া আঞ্চলিক ম’হ যুঁজ উদযাপন সমিতিৰ সভাপতি , তিৱা সাহিত্য সভা বাৰপূজীয়া আঞ্চলিকৰ উপসভাপতি, বাৰপূজীয়া দূৰ্গাপূজা উদযাপন সমিতিৰ সভাপতি, বাৰপূজীয়া ৰাস উদযাপন সমিতিৰ উপসভাপতি, তিৱা সাহিত্য সভা নগাঁও জিলা সমিতিৰ প্ৰাক্তন কোষাধ্যক্ষ, বাৰপূজীয়া শংকৰ উৎসৱ উদযাপন সমিতিৰ উপসভাপতি, বাৰপূজীয়া নয়নতৰা সাংস্কৃতিক গোষ্ঠীৰ উপদেষ্টা আদিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ বিভিন্ন পদত অধিষ্ঠিত হৈছিল ।

ডেকাদলৈ দেৱে বৃহত্তৰ অঞ্চলটোত সামাজিক সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল ৷ অৱসৰৰ পিছত সক্ৰিয়ভাৱে সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা ডেকাদলৈৰ মৃত্যুত অঞ্চলটোতেই গভীৰ শোকৰ ছাঁ পৰে ৷ আজি মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে বহু লোক উপস্থিত হৈ শেষশ্ৰদ্ধা জ্ঞাপন কৰে। তদুপৰি ডেকাদলৈৰ মৃত্যুৰ খবৰ লাভকৰি  ঘনিষ্ঠ বন্ধু তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।লগতে জাতীয় ঐক্য মঞ্চৰ নেতা অজিত ডেকা, খগেন বৰদলৈ, জীৱন কোঁৱৰ, হেমাংগ বিশ্বাস বঁটা প্ৰাপক শিল্পী তোষেশ্বৰ সেনাপতি আৰু তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিদ্যুত বিকাশ সেনাপতিয়ে তিৱা  সাহিত্য সভাৰ হৈ শেষ শ্ৰদ্ধাৰ জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জনাই। ইয়াৰ লগতে বাৰপূজীয়া অঞ্চলৰ বিভিন্ন দল,সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে। ডেকাদলৈয়ে  মৃত্যুৰ সময়ত দুজন পুত্ৰ ক্ৰমে ৰঞ্জিত ডেকাদলৈ, দেৱজিৎ ডেকাদলৈ,এগৰাকী  বৌৱেক,বোৱাৰী, ভতিজা আৰু নাতি- নাতিনী সহ বহুতো আত্মীয়ক এৰি যায় । ডেকাদলৈৰ মৃত্যুত সমগ্ৰ অঞ্চলটি শোকৰ ছাঁ পৰিছে ।

You might also like