নিয়মীয়া বাৰ্তা, ২৪ এপ্রিলঃ ৰাজ্য চৰকাৰৰ জলসম্পদ, বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ মন্ত্রী কেশৱ মহন্তই বৃহস্পতিবাৰে ডিব্রুগড় জিলাত উপস্থিত হৈ জিলাখনত বান আৰু গৰাখহনীয়া প্রতিৰোধৰ বাবে জলসম্পদ বিভাগে ৰূপায়ণ কৰি থকা কামৰ অগ্রগতিৰ পর্যালোচনা কৰে ৷ লকডাউনৰ বাবে প্রভাৱান্বিত হোৱা মথাউৰিৰ নির্মাণকার্য বাৰিষাৰ পূর্বে অগ্রাধিকাৰ ভিত্তিত শেষ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি জলসম্পদ মন্ত্রী কেশৱ মহন্তই জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত জিলাখনৰ বান আৰু গৰাখহনীয়া প্রভাৱিত স্পর্শকাতৰ এলেকাসমূহত জলসম্পদ বিভাগে ৰূপায়ণ কৰি থকা আঁচনিৰ অগ্রগতিৰ বুজ লয় ৷ ডিব্রুগড জিলাৰ ১৫টা অতি স্পর্শকাতৰ স্থানসহ মুঠ ৩৪টা স্পর্শকাতৰ স্থানত জলসম্পদ বিভাগে হাতত লোৱা কামৰ স্থিতি, অগ্রগতিৰ বুজ লৈ এনে স্পর্শকাতৰ এলেকাৰ সুৰক্ষাৰ বাবে গ্রহণ কৰিবলগীয়া অতিৰিক্ত ব্যৱস্থাৱলী সন্দর্ভতো মন্ত্রীগৰাকীয়ে উপস্থিত বিধায়কসকল ক্রমে প্রশান্ত ফুকন, ঋতুপর্ণ বৰুৱা, তেৰছ গোৱালা, নৰেন সোণোৱাল আৰু উপায়ুক্ত পল্লৱ গোপাল ঝাৰে বিস্তৃতভাৱে আলোচনা কৰে ৷
সভাত মন্ত্রীগৰাকীয়ে ইতিমধ্যে জিলাখনৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তর্গত বগৰীতলীয়া আৰু ৰহমৰীয়া এলেকাৰ সুৰক্ষাৰ বাবে বিভাগটোৱে হাতত লোৱা আঁচনিয়ে প্রশাসনিক অনুমোদন লাভ কৰালৈ চাই বর্তমান ই–টেণ্ডাৰিঙৰ কাম চলি থকা দুয়োখন আঁচনিৰ কাম শীঘ্রে আৰম্ভ কৰিবলৈও বিভাগটোক নির্দেশ দিয়ে৷ মন্ত্রী মহন্তই নির্মাণকার্যত ব্যৱহূত সামগ্রী, শ্রমিক, যন্ত্রপাতিৰ ক্ষেত্রত ঠিকাদাৰসকলে কোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি তাৰ বুজ লৈ আৰক্ষী অধীক্ষক শ্রীজিথ টিকবান আৰু গৰাখহনীয়া ৰোধৰ বাবে চলি থকা নির্মাণকার্যৰ সামগ্রী পৰিবহণত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়, সেই দিশত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ তেওঁ জলসম্পদ বিভাগৰ বিষয়ববীয়াকো এইক্ষেত্রত সংশ্লিষ্ট ৰাজহ চক্র বিষয়া আৰু থানাৰ ভাৰপ্রাপ্ত বিষয়াৰে যোগাযোগ ৰক্ষা কৰি চলিবলৈ নির্দেশ দিয়ে৷ মন্ত্রীগৰাকীয়ে উপায়ুক্ত পল্লৱ গোপাল ঝাই বাৰিষাৰ পূূর্বে মথাউৰিৰ নির্মাণকার্য সম্পূর্ণ কৰাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি এই কাম চলাই নিয়াৰ বাবে জিলাখনত আগতীয়াকৈ গ্রহণ কৰা ব্যৱস্থাৰ প্রশংসা কৰি উপায়ুক্তগৰাকীক নিয়মীয়াকৈ এনে সকলো নির্মাণকার্য পৰিদর্শন কৰিবলৈ আহ্বান জনায় ৷