বিজনীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ; ধৃত ব্যৱসায়ী
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ: চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ২ নং দাৰাঙ্গাত আজি বিয়লিৰ ভাগত এছএছবি আৰু আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হয়। জব্দকৃত গাঞ্জা সমূহৰ ওজন 23.64 কিলোগ্ৰাম।কুমাৰশালিস্থিত SSB ৰ 15 নং বেটেলিয়নৰ পৰিদৰ্শক উমেশ কুমাৰৰ নেতৃত্বত আৰু বড়োবাজাৰ আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত চলোৱা হৈছিল এই অভিযান।দীৰ্ঘ দিনৰ পৰা ভাৰত-ভূটান সীমান্তৱৰ্তী উক্ত অঞ্চলত গাঞ্জাকে আদি কৰি বিভিন্ন অবৈধ ব্যৱসায় চলাই থকাৰ তথ্য লাভ কৰিছিল এছএছবিয়ে। ফলত আজি অতৰ্কিতে অভিযান চলাই স্থানীয় ক্ষীতিশ দাসৰ গৃহৰ পৰা গাঞ্জা সমূহ জব্দ কৰিবলৈ সক্ষম হয়।উল্লেখ্য এসপ্তাহ পূৰ্বেও এছএছবিৰ পৰিদৰ্শক উমেশ কুমাৰৰ নেতৃত্বত ১ নং দাৰাঙ্গাত এটা ব্যৱসায়ীসহ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিছিল।